বিস্তীৰ্ণ পাৰৰে Lyrics (Bristrino Parore) – ভূপেন্দ্ৰ সংগীত

গীত: বিস্তীৰ্ণ পাৰৰে

গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

শ্ৰেণী : ভূপেন্দ্ৰ সংগীত

বিস্তীৰ্ণ পাৰৰে Lyrics
Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics

বিস্তীৰ্ণ পাৰৰে Lyrics

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱাঁ কিয় ?

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱাঁ কিয় ?

Music…

নৈতিকতাৰ স্খলন দেখিও,
মানৱতাৰ পতন দেখিও,
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ?

Music…

জ্ঞানবিহীন নিৰক্ষৰৰ,
খাদ্যবিহীন নাগৰিকৰ,
নেতৃবিহীনতাত নিমাত কিয় ?,

সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?

Music…

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ?

Short Music…

তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয় ?

উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাকে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলাঁ কিয় ?

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয় ?

বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয় ?

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে Lyrics Download

DOWNLOAD LYRICS

অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ

মানুহে মানুহৰ বাবে

শীতৰে সেমেকা ৰাতি

অসম আমাৰ ৰূপহী

নতুন নিমাতী নিয়ৰৰে নিশা

বিমূৰ্ত মোৰ নিশাটি যেন

শাৰদী ৰাণী তোমাৰ হেনো নাম

অস্ত আকাশৰে

ক’ত জোৱানৰ মৃত্যু হ’ল

অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি


Bistirno Parore বিস্তীৰ্ণ পাৰৰে Lyrics:

Lyrics- Bhupen Hazarika

Category- Bhupendra Sangeet

Song Language- Assamese (Assamese song lyrics)

Related Songs

Leave a Comment

 

Share to: