গীত: অস্ত আকাশৰে
Contents
show
গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
শ্ৰেণী : ভূপেন্দ্ৰ সংগীত
Lyrics of Asto Akaxore:
অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়,
বৈয়ে যায়,
বৈয়ে যায় ।
অস্ত আকাশৰে সপোন ৰহণ সানি ।।
Music…
কোন সুন্দৰৰে শিল্পীয়ে
পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ
দিয়ে ছটিয়ায় ।
Music…
দুয়ো পাৰে
কত মানুহ,
কত যে ইতিহাস
কত যুগৰ,
শত আশা-নিশাৰে নিশ্বাস।
লক্ষ্য যদি দিগন্ত
শিল্পী হে’ তোমাৰ
লক্ষ্য যদি দিগন্ত
শিল্পী হে’ তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে
দেখিবা, জীৱনৰে
দিগন্ত অপাৰ ।
বেলি যে যায়,
বেলি যে যায়,
বেলি যে যায় ।।
অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী ।।
অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীতৰ lyrics সমূহঃ
অস্ত আকাশৰে
অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:
Asto Akaxore Lyrics (অস্ত আকাশৰে):
- Lyrics- Bhupen Hazarika
- Category- Bhupendra Sangeet
- Song Language- Assamese (Assamese song lyrics)