গীত: অসম আমাৰ ৰূপহী
গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
শ্ৰেণী : ভূপেন্দ্ৰ সংগীত
Asom Amar Rupahi Lyrics
Music…
অসম আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
অসমী আই ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
Music…
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি ।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
Music…
ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে,
ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে,
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
Short Music…
পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ
জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ
পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।
অসমী আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।
অসমী আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।
অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ
অসম আমাৰ ৰূপহী
অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:
Asom Amar Rupohi Lyrics (অসম আমাৰ ৰূপহী):
- Lyrics- Bhupen Hazarika
- Category- Bhupendra Sangeet
- Song Language- Assamese (Assamese song lyrics)