গীত: বিমূৰ্ত মোৰ নিশাটি যেন
গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
শ্ৰেণী : ভূপেন্দ্ৰ সংগীত
Bimurto Mur Nixati Lyrics
Music…
বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ
এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাজত
নিশ্বাসৰে উম…
আৰু জীয়া জীয়া আদৰ
এখনি নীলা চাদৰ ।
Music…
কামনাৰে তেজ ৰঙা
আজিৰ গভীৰ গৰ্ভতে
কামনাৰে তেজ ৰঙা
আজিৰ গভীৰ গৰ্ভতে
নীৰৱ মৰম বাৰিষাৰ
বহুতো শাওন ভাদৰ
তাৰেই এটি মিঠা ভাজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ
এখনি নীলা চাদৰ
বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
Music…
সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
Short Music…
সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সংগমমূখী
নিৰ্মল দুটি ওঁঠ
কম্পনকাতৰ ! কম্পনকাতৰ !
Music…
নিয়ম ভঙাৰ নিয়ম ইযে
নিয়ম ভঙাৰ নিয়ম ইযে
নিয়মাকাঙ্ক্ষী বাটৰ
নিয়মাকাঙ্ক্ষী বাটৰ
কোমল আঘাট প্ৰতি আঘাট
কোমল আঘাট প্ৰতি আঘাট
নীলা নিশাৰ নাটৰ
নীলা নিশাৰ নাটৰ ।
দুৰৰ আৰ্তনাদৰ নদীত
ক্ৰন্দন শুনো ঘাটৰ
দুৰৰ আৰ্তনাদৰ নদীত
ক্ৰন্দন শুনো ঘাটৰ
Short Music…
দুৰৰ আৰ্তনাদৰ নদীত
ক্ৰন্দন শুনো ঘাটৰ
ভ্ৰুক্ষেপ নাই লভিছো মই
আলিংগনৰ সাগৰ
আলিংগনৰ সাগৰ
তাৰেই এটি মিঠা ভাজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ
বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।।
অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ
বিমূৰ্ত মোৰ নিশাটি যেন
ক’ত জোৱানৰ মৃত্যু হ’ল
অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:
Bimurto Mur Nixati Lyrics (বিমূৰ্ত মোৰ নিশাটি যেন):
- Lyrics- Bhupen Hazarika
- Category- Bhupendra Sangeet
- Song Language- Assamese (Assamese song lyrics)