গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম
Contents
show
গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
শ্ৰেণী : ভূপেন্দ্ৰ সংগীত
Xarodi Rani Tumar Henu Naam Lyrics
শাৰদী ৰাণী…
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন
শাৰদী ৰাণী তোমাৰ হেনো নাম ।
Music…
শুভ্রনীলা ওৰণিখনি
কুঁৱলী সূতাৰে বোৱা
পাতল ৰিহাখনি
থৰ লগা বিলখনি
থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ
শাৰদী ৰাণী তোমাৰ হেনো নাম ।
Music…
কপাহ মেঘৰ অহা যোৱা
সেউজী ঘাঁহৰ হিমানী
সোণালী ৰ’দ,শৰালিৰে জাক
তুমিয়েই আনিলা কিজানি
শেৱালি কোমল হাঁহিটি মাৰি
কৰাহি সাজোন কাচোন
শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন
শাৰদী ৰাণী… তোমাৰ হেনো নাম ।।
অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ
শাৰদী ৰাণী তোমাৰ হেনো নাম
অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:
Xarodi Rani Tumar Henu Naam Lyrics (শাৰদী ৰাণী):
- Lyrics- Bhupen Hazarika
- Category- Bhupendra Sangeet
- Song Language- Assamese (Assamese song lyrics)