পৰজনমৰ শুভ লগনত (Porojonomor Xubho Logonot) Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: পৰজনমৰ শুভ লগনত – Porojonomor Xubho Logonot

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা…

Music…

পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত…

Music…

এই জনমৰ কুসুম মালা,
যতনে তুমি গাঁঠি ৰাখিলা
এই জনমৰ কুসুম মালা,
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা,
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ’ল যে উকা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ,
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত…

Music…

এই জীৱনৰ আঁউসী ৰাতি,
চকুলো টুকি যায় যে কাটি
এই জীৱনৰ আঁউসী ৰাতি,
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই,
হৃদয়তে জিলিকণি নিবিলায় ।

Short Music…

এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়ে যে ব্যাথা
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা,
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ,
মোৰ হিয়াৰ অপূৰ্ণ আশা ?

পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ?

পৰজনমৰ শুভ লগনত ।।

ৰাভা সংগীত পৰজনমৰ শুভ লগনত

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

পৰজনমৰ শুভলগনত Lyrics

Rabha Sangeet Porojonomor Xubho Logonot lyrics:

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 2

Related Song Lyrics

Leave a Comment

 

Share to: