গীত: কত জোৱানৰ মৃত্যু হ’ল
গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
শ্ৰেণী : ভূপেন্দ্ৰ সংগীত
Lyrics of Koto Jowanar Mrityu Hol:
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লোঁ মই কিয় ?
কত জোৱানৰ মৃত্যু হ’ল ।
Music…
হেনো হিমালয় ভাৰতৰ প্ৰহৰী
তাহানি শুনিছিলোঁ কাহিনী
পিছে মৃত জোৱানসবে চিঞৰিছে
লাগে চিৰ জাগ্ৰত এটি বাহিনী
আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ
কত জোৱানৰ মৃত্যু হ’ল
Music…
কত পিতৃ পুত্ৰহাৰা হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল ।
ৰঙা সেন্দূৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূৰ্ণ ৰ’ল
কত জোৱানৰ মৃত্যু হ’ল
Music…
প্ৰতি জোৱান ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু
এই সাহসৰ দুৰ্জেয় লহৰে
যাচিলে প্ৰতিজ্ঞা জয়ৰে
আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লোঁ মই কিয় ?
কত জোৱানৰ মৃত্যু হ’ল ।
অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীতৰ lyrics সমূহঃ
অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:
Koto Jowanar Mrityu Hol Lyrics (কত জোৱানৰ মৃত্যু হ’ল):
- Lyrics- Bhupen Hazarika
- Category- Bhupendra Sangeet
- Song Language- Assamese (Assamese song lyrics)