যাউতি যুগীয়া (Jauti Jugiya Dhone Mur O) জ্যোতি সংগীত Lyrics

যাউতিযুগীয়া (Jauti Jugiya)

গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

শ্ৰেণী : জ্যোতি সংগীত

যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন ।
প্ৰাণতে দিলা মোক
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।

Music…

স্মৃতিৰ ছবিখনি
প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া ধন

সুখে বিনন্দীয়া
মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া ধন।

যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন।

Music…

বুজা-নুবুজাৰে
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।

বুজা-নুবুজাৰে
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।

যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন।
প্ৰাণতে দিলা মোক
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।।

Play and Download Jauti Jugiya:

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

গছে গছে পাতি দিলে
সেউজী সেউজী
আমাৰে সখিয়া
অ’ শ্যাম কানু
পৰজনমৰ শুভ লগনত
নাহৰ ফুলে নুশুৱাই
জয়া নাই
লুইতৰ আকাশত তৰাৰ তৰাৱলী
লগন উকলি গ’ল

Jauti Jugiya Dhone Mur O Lyrics

Category: Jyoti Sangeet

Composer: Jyoti Prasad Agarwala

Ratings:

0 / 5 5 3

Related Songs

Leave a Comment