Ulahere Nasi Bagi Lyrics | উলাহেৰে নাচি বাগি Bishnu Rabha Sangeet

উলাহেৰে নাচি বাগি (Ulahere Nasi Bagi)

  • শ্ৰেণী- বিষ্ণু ৰাভা সংগীত
  • সুৰ: বিষ্ণু প্ৰসাদ ৰাভা
  • কথা (Lyrics): বিষ্ণু প্ৰসাদ ৰাভা

উলাহেৰে নাচি বাগি শীৰ্ষক গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ দ্বাৰা ৰচিত আৰু তেখেতেই গীতটিৰ সুৰ কৰিছিল । এই গীতটি প্ৰথম বাণীবদ্ধ হৈছিল 1936 চনত স্বৰ্গীয় ভূপেন হাজৰিকা দেৱৰ কণ্ঠত আৰু সেই সময়ত তেখেতৰ বয়স হৈছিল মাত্ৰ ছয় বছৰ । গীতৰ lyrics (কথা) খিনি তলত অসমীয়াত উল্লেখ কৰা হ’লঃ

Lyrics of the Rabha Sangeet “Ulahere Nasi Bagi” in Assamese:

উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল
উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল

তালে তালে হালি জালি
কৰিলি আকুল
তালে তালে হালি জালি
কৰিলি আকুল

উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল
উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল

Music —

গালতে তই বোলোৱালি,
সেন্দুৰীয়া বোল
কাণতে তই আঁৰি ল’লি
সোণোৱালী দুল

গালতে তই বোলোৱালি
সেন্দুৰীয়া বোল
কাণতে তই আঁৰি ল’লি
সোণোৱালী দুল

খোপাতে তই গুজি ল’লি
ৰূপৰ কপৌ ফুল,
ছেৱে ছেৱে হালি জালি
কৰিলি আকুল
কৰিলি বিভোৰ

উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল

উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল…

উলাহেৰে নাচি বাগি হ’লি বিয়াকুল Lyrics

Leave a Comment

 

Share to: