
Nahor Assamese Dictionary:
Nahor | নাহৰ is an advanced online Assamese-English dictionary app. This bilingual dictionary app is designed to search for the meaning and definitions of both Assamese and English words directly on its home page. Instead of providing standard translations, the application offers comprehensive analyses of a word, including Part of Speech (POS) tags, contextual example sentences, synonyms, antonyms, opposite-gender variations, scientific names, etc.
আঁৰৰ কথাঃ
প্ৰায় 2025 চনৰ নৱেম্বৰ মাহ মানতে আৰম্ভ কৰিছিলোঁ এটা সৰু প্ৰজেক্ট, অসমীয়া আৰু ইংৰাজীত শব্দ অৰ্থ বিচাৰিব পৰাকৈ এখন ডিজিটেল অসমীয়া অভিধান (Digital Assamese Dictionary)। আৰম্ভ কৰিলোঁ যদিও ক’ডিঙৰ বিশেষ জ্ঞান নোহোৱাৰ বাবে বহুত কষ্টেৰে কামটো আগবঢ়াইছিলোঁ । প্ৰায় ৪-৫ মাহমান ২৪ ঘণ্টাৰ ভিতৰত ১৫-২০ ঘণ্টা কম্পিউটাৰৰ সন্মুখতে পাৰ কৰিছিলোঁ ৷ এটা এটা function ৰ বাবে তিনি-চাৰি দিন চেষ্টা কৰিছিলোঁ ৷ কিন্তু এনেবোৰ কামৰ বাবে থাকিবলগীয়া সম্যক জ্ঞান আৰু অভিজ্ঞতাৰ অভাৱৰ বাবে প্ৰয়োজনতকৈ কষ্ট অলপ বেছি হ’ল। আচলতে এনেবোৰ কামৰ বাবে একো একোটা Team (দল)ৰ প্ৰয়োজন হয় যদিও মোৰ সহযোগী নথকাৰ বাবে নিজা প্ৰচেষ্টাৰেই ডিক্চনেৰি প্ৰজেক্টটোৰ কাম সম্পন্ন কৰিলোঁ, আৰু এই অনলাইন অসমীয়া অভিধান (Online Assamese Dictionary) খনৰ নাম ৰাখিলোঁ Nahor : নাহৰ – Assamese Dictionary” । তলৰ চিত্ৰত নাহৰ অসমীয়া অভিধানখনৰ মুখ্যটোৰ interface টো দেখুওৱা হৈছেঃ

নাহৰৰ নামাকৰণঃ
‘নাহৰ’ নামটো অভিধান এপ এটাৰ লগত বিশেষ খাপ নেখাবও পাৰে, কিন্তু অকালতে আমাৰ মাজৰ পৰা আঁতৰিযোৱা প্ৰাণৰ শিল্পী গৰাকীলৈ বুলি দিবলৈ ইয়াতকৈ বেছি মোৰ হাতত আন একোৱেই নাই । সেয়ে জুবিনদাৰ প্ৰিয় গছজোপাৰ নামতে এই অভিধানখন নামাকৰণ কৰিলোঁ ।অভিধানখন ব্যৱহাৰোপযোগী হৈছেগৈ যদিও এতিয়াও বহুখিনি কাম বাকী আছে। পাছৰ পৰ্যায়ত নিশ্চয় সেয়া লাহে লাহে সম্পূৰ্ণ কৰি যাম।
ডিজিটেল অসমীয়া অভিধান বুলিলে এইখনেই একমাত্ৰ নহয়, বৰ্তমান প্ৰচলিত হৈ আছে ইয়াতকৈও বহু উন্নত এখন অভিধান “xobdo .org”। আৰু সেইখনৰ আৰ্হিতে আন কিছু সুবিধা সংলগ্ন কৰি এই “Nahor : নাহৰ – Assamese Dictionary” খন প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ শব্দ-অৰ্থখিনিৰ বেছিভাগ তাৰ ৰ পৰাই লোৱা হৈছে।
বৰ্তমান উপলব্ধ অনলাইন অভিধানসমূহৰ পুৰণি সা-সুবিধা আৰু কাৰিকৰী ত্ৰুটিসমূহ দূৰ কৰি এক আধুনিক, দ্ৰুত আৰু ব্যৱহাৰকাৰীৰ উপযোগী প্লেটফৰ্ম এটা আগবঢ়োৱাৰ উদ্দেশ্যেই এই ডিক্চনেৰি এপ্টো ব্যক্তিগতভাৱে নিৰ্মাণ কৰাৰ চেষ্টা কৰিছোঁ। এই অভিধান খনৰ বেছিভাগ শব্দ-অৰ্থ Open source ডাটাবেচৰ পৰা সংগ্ৰহ কৰা হৈছে বাবে শব্দ অৰ্থ বা অন্যান্য তথ্যৰ বহু ভুল থাকিব পাৰে, সেয়া আমি বৰ্তমানে শুদ্ধ কৰাৰ চেষ্টা কৰি আছোঁ আৰু কৰি যাম ৷ অভিধান খন Google অত চাৰ্চ কৰিলেও পাব, কিন্তু এই একে নামৰ অন্যান্য dictionary এপো গ’গল চাৰ্চত ওলাব পাৰে, সেয়ে নাহৰ গছৰ সৰু ছবিটো দেখিলে ক্লিক কৰি চাব পাৰে ।
শব্দ সমূহৰ উৎসঃ
ইয়াৰ প্ৰাথমিক ডাটাবেচ প্ৰস্তুত কৰোঁতে Xobdo .org আদিকে ধৰি বিভিন্ন ভাষাৰ উৎসবোৰৰ সহায় লোৱা হৈছে। পুৰণি ডাটা পৰীক্ষা কৰাৰ সময়ত যিবোৰ বানান বা ব্যাকৰণগত ভুল ধৰা পৰিছিল, সেইবোৰ ইয়াত শুদ্ধ কৰা হৈছে আৰু এই প্ৰক্ৰিয়া এতিয়াও চলি আছে।
ইয়াৰ উপৰি বহুতো নতুন শব্দ, বাক্য গঠন, Parts of Speech আদি নিজে পৰীক্ষা কৰি যোগ দিয়া হৈছে, যাতে ব্যাকৰণৰ শুদ্ধতা বৰ্তাই ৰাখিব পৰা যায়।
‘নাহৰ’ অভিধানখনৰ মূল বৈশিষ্ট্যসমূহ (Features):
- বৰ্তমান ইয়াত ২০,০০০ তকৈও অধিক শব্দৰ অৰ্থ অন্তৰ্ভুক্ত কৰা হৈছে। It contains more than 20,000 unique word with their both English and Assamese definitions.
- এই অনলাইন অভিধান খন ফোন বা কম্পিউটাৰত install নকৰাকৈয়ে ব্যৱহাৰ কৰিব পাৰিব। It can be access from both smartphone and computer without installing it.
- অভিধান খনত সহজে নতুন শব্দ যোগ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমানে থকা ভুলসমূহো সহজে শুধৰাব পৰাৰ সুবিধা ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে । ইয়াত Login কৰি আপুনিও সহজে নতুন শব্দ-অৰ্থ যোগ দিব পাৰিব নাইবা ভুলবোৰ শুধৰাব পাৰিব । The dictionary makes it easy to add new words and includes the ability to correct existing errors. You just need to create an user acount to contribute new words or correct existing words.
- মুল শব্দ-অৰ্থৰ লগতে সমাৰ্থক শব্দ, বিপৰীত শব্দ, শব্দৰ উদাহৰণ যুক্ত বাক্য, প্ৰয়োজনীয় শব্দৰ বিজ্ঞানিক নাম আদি যোগ কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে । The dictionary includes synonyms, antonyms, examples sentences, scientific names, etc. along with the meanings of the original words. The below image shows the interface of the search result page of the dictionary app:

‘নাহৰ’ অভিধানখন বনোৱাৰ মূল উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰী, অসমীয়া ভাষা শিকাৰু আৰু সাধাৰণ ব্যৱহাৰকাৰীসকলক এক নিৰ্ভৰযোগীয় আৰু সহজ মাধ্যম প্ৰদান কৰা।
- ম’বাইল আৰু কম্পিউটাৰ দুয়োটাতে যাতে অতি সহজে আৰু খৰতকীয়াকৈ শব্দৰ অৰ্থ বিচাৰিব পাৰি, তাৰ বাবে এক আধুনিক web interface যুক্ত online Dictioary এখন প্ৰস্তুত কৰা ।
- ইয়াক ফোনত বা কম্পিউটাৰত install নকৰাকৈয়ে ব্যৱহাৰ কৰিব পাৰি । মাত্ৰ ফোনৰ ব্ৰাউজাৰত লিংকটো type কৰিলেই হ’ল নাইবা ওপৰত দিয়া লিংকটোত ক্লিক কৰিলেই হ’ল ।
ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন হৈছে:
এটা ভাষাৰ অভিধান সদায় পৰিবৰ্তনশীল। গতিকে অসমীয়া ভাষাক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিয়েই এই Dictionary Project টোত অংশগ্ৰহণ কৰি আপোনালোকে নতুন শব্দ সংযোজন কৰিব পাৰে বা বৰ্তমান থকা শব্দ অৰ্থৰ ভুল সমূহ সংশোধন কৰিব পাৰে ৷ এই প্ৰজেক্টটোৰ বিষয়ে যিকোনো দিহা পৰামৰ্শ দিবলৈ অভিধান খনত থকা contact লিংকটো ব্যৱহাৰ কৰিব পাৰে। বা তলত দিয়া লিংকটোত ক্লিক কৰিব পাৰে ৷
পৰামৰ্শ/যোগাযোগ লিংক (Contact link)
ডিজিটেল জগতত আমাৰ মাতৃভাষাক আগবঢ়াই নিয়াত আপোনালোকৰ সহায় আৰু সঁহাৰি আশা কৰিলোঁ। ধন্যবাদ।
👉👉 এয়া আৰম্ভনিহে, শেষ নহয়
🌲”Nahor : নাহৰ – Assamese Dictionary” জুবিনদাৰ স্মৃতিত 🌲



