Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

Google Chrome Browser ত "Incognito window" কি আৰু আপুনি ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে ? জানো আহক

ইনকগনিটো উইণ্ড’ কি (Incognito Window):

যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । Chrome ব্ৰাউজাৰে আপুনি Search Box অত লিখা লেখাবোৰ, যিকোনো চাইটত আপুনি টাইপ কৰা যিকোনো পাছৱৰ্ড, আপোনাৰ ডেবিট বা ক্ৰেডিট কাৰ্ডৰ তথ্য আদিও সংৰক্ষণ কৰে ।

[xyz-ihs snippet=”KDas-responsive-in-post”]

কিন্তু কেতিয়াবা আমি নিবিচাৰোঁ যে ব্ৰাউজাৰে আমাৰ এনে ব্যক্তিগত বা স্পৰ্শকাতৰ তথ্যবোৰ সংৰক্ষণ কৰক৷ বহু ব্যক্তিয়ে বিভিন্ন উপায়েৰে এই Browsing History বোৰ access কৰিব পাৰে বা চাব পাৰে। আৰু যদি এই Data সমূহ কোনো দুষ্ট ব্যক্তিৰ হাতত পৰিলে বিভিন্ন উপায়েৰে আপোনাৰ লোকচান কৰিব পাৰে । অৱশ্যে এই সমূহৰ পৰা ৰক্ষা পাবলৈ Google Chrome ব্ৰাউজাৰত এটা উপায় আছে, যাক কোৱা হয় Incognito Window (ইনকগনিটো উইণ্ড’) ।

মনত ৰাখিব, Google Chrome এটা অতি শক্তিশালী আৰু জনপ্ৰিয় ৱেব ব্ৰাউজাৰ। যদি আপুনি এতিয়াও Chrome ব্ৰাউজাৰ ব্যৱহাৰ কৰা নাই তেন্তে কম্পিউটাৰ আৰু এণ্ড্ৰইড স্মাৰ্টফোনৰ বাবে এই লিংক যোগে Google Chrome ডাউনলোড কৰিব পাৰিব। লগতে পঢ়িবলৈ নাপাহৰিবঃ Chrome ব্ৰাউজাৰৰ কিছুমান লুকাই থকা আকৰ্ষণীয় বৈশিষ্ট্য

Incognito window কি আৰু কিয় ব্যৱহাৰ কৰিব লাগে

যেতিয়াই আপুনি যিকোনো ৱেবছাইটত প্ৰৱেশ কৰিবলৈ আপোনাৰ ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰে, ব্ৰাউজাৰে আপুনি প্ৰৱেশ কৰা বা খোলা ৱেবছাইটসমূহৰ তথ্যবোৰ সংৰক্ষণ কৰি ৰাখে লগতে আপুনি ক্লিক কৰা প্ৰতিটো লিংকৰ তথ্যও ব্ৰাউজাৰ টোৱে Save কৰি ৰাখে । এই তথ্য অনুসৰণ কৰিবলৈ, বহুতো ৱেবছাইটে আপোনাৰ ৱেব ব্ৰাউজাৰত এটা সৰু File সংৰক্ষণ কৰে — যাক Cookie কুকী বুলি জনা যায়। বহুতো ৱেবছাইটে এই Cookies বোৰৰ জৰিয়তে আপুনি ব্ৰাউজাৰত কৰা কাৰ্য্যকলাপবোৰ অনুসৰণ কৰিব পাৰে , যাক কোৱা হয় অনলাইন ট্ৰেকিং। (অৱশ্যে এই Cookies বোৰৰ বহুটো ভাগ আছে কিছুমান Cookies প্ৰয়োজনীয় ।)

চমুকৈ কবলৈ গ’লে এই incognito window গোগল ক্ৰ’ম ব্ৰাউজাৰৰ (Google Chrome Browser) এক সুৰক্ষা মূলক বৈশিষ্ট, যিয়ে আপোনাৰ কিছুমান ব্যক্তিগত তথ্যক অনলাইনত প্ৰকাশ পোৱাত বাধা দিয়ে । যদি আপুনি Incognito window mode সক্ৰিয় কৰি লয়, তেন্তে আপোনাৰ ব্ৰাউজাৰে কেতিয়াও কোনো cookies (কুকীজ) বা browsing history (ব্ৰাউজিং ইতিহাস) সংৰক্ষণ (save) কৰি ৰাখিব নোৱাৰে ।

যদিও ই Chrome ব্ৰাউজাৰৰ এই বৈশিষ্ট্যৰ বিষয়ে অভিজ্ঞ বা নিয়মীয়া ব্যৱহাৰকাৰী সকলে জানে, তথাপিও কিছুমান ব্যৱহাৰকাৰী আছে যিয়ে Chrome ব্ৰাউজাৰৰ এই সুৰক্ষা বৈশিষ্ট্যৰ বিষয়ে অৱগত নহয়। ইয়াক প্ৰাইভেট ব্ৰাউজিং মোড (private browsing mode) বুলিও জনা যায় ।

এই Incognito Window ৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল যে, যেতিয়া আমি এই incognito window নামৰ option টো অন কৰি লৈ বা চালিত কৰি লৈ Chrome ব্ৰাউজাৰটো ব্যৱহাৰ কৰোঁ তেতিয়া ব্ৰাউজাৰটোৱে ব্যৱহাৰকাৰী জনৰ কোনো তথ্য Save কৰি থব নোৱাৰে । কাৰণ ব্ৰাউজাৰটো বন্ধ কৰাৰ লগে লগে সকলো Browsing history (ব্ৰাউজিং ইতিহাস) আৰু অন্যান্য ডাটা যেনে কুকীজ, লগ ফাইল আদি স্বয়ংক্ৰিয়ভাৱে আঁতৰাই পেলায়। অৰ্থাৎ, Incognito Window য়ে ব্যৱহাৰকাৰীক স্থানীয় তথ্য সংৰক্ষণ নকৰাকৈ যিকোনো ৱেবছাইট ব্ৰাউজ কৰিবলৈ দিয়ে আৰু ব্ৰাউজাৰটো বন্ধ কৰাৰ পিছত সেই তথ্য কোনেও উদ্ধাৰ কৰিব নোৱাৰে।

সহজ ভাষাত কবলৈ হ’লেঃ 

আপুনি আজি, কালি, বা আগতে ইন্টাৰনেটত কি কি পঢ়িলে, কি ভিডিঅ’ চালে, আদি তথ্যবোৰ কম্পিউটাৰ ভালদৰে চলাব জনা লোক এজনে আপোনাৰ ফোনটো বা কম্পিউটাৰটো টিপি পিছত সহজে ধৰা পেলাব পাৰিব । কিন্তু আপুনি যদি Incognito Window টো অন কৰি লৈ যদি ইন্টাৰনেটত কিবা পঢ়ে, ভিডিঅ’ চায়, Chatting ইত্যাদি কৰে, window খন বন্ধ কৰাৰ পাছত সেয়া সহজে কোনেও গম পাব নোৱাৰে ।

এই incognito window অত আপুনি এতিয়া আনকি তৃতীয় পক্ষৰ কুকীজসমূহ (Third Party Cookies) ব্লক কৰাৰ বিকল্পও অন কৰিব পাৰে, আৰু যেতিয়া অন কৰে, আপুনি খুলিচোৱা চাইটসমূহে ইন্টাৰনেটত আপোনাৰ কাৰ্যকলাপ অনুসৰণ কৰা ট্ৰেকিং কুকীজ (Tracking cookies) ব্যৱহাৰ কৰিব নোৱাৰে৷


লগতে পঢ়কঃ কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব


ওপৰতে উল্লেখ কৰিছোঁ যে আপুনি বিভিন্ন ৱেবচাইটত Enter কৰা যিকোনো পাছৱৰ্ড বা পিন নম্বৰ আৰু অন্যান্য তথ্যবোৰ ৱেব ব্ৰাপজোৰে ৰেকৰ্ড কৰিব পাৰে আৰু চে’ভ কৰি ৰাখিব পাৰে । কিছুমান অপৰাধী মনৰ লোকে সদায় এনে ধৰণৰ স্পৰ্শকাতৰ তথ্যবোৰ সংগ্ৰহ কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে। সেয়ে অনলাইন বেংকিং, অনলাইনত বস্তু কিনা বা অনলাইন যোগে পইচাৰ আদান-প্ৰদান কৰাৰ সময়ত বা বিকোনো স্পৰ্শকাতৰ তথ্য আদান-প্ৰদান কৰিবলৈ সদায় এই ইনকগনিটো উইণ্ড’ (Incognito Window) ব্যৱহাৰ কৰিব লাগে যাতে আপোনাৰ যিকোনো স্পৰ্শকাতৰ তথ্য বা ৰেকৰ্ডসমূহ ব্ৰাউজাৰে সংৰক্ষণ কৰিব নোৱাৰে ।

কাৰণ, যেতিয়া আপুনি এই বৈশিষ্ট্য ব্যৱহাৰ কৰে, আপোনাৰ ব্ৰাউজাৰে আপোনাৰ ব্যক্তিগত তথ্য সংৰক্ষণ কৰি ৰাখিব নোৱাৰে বা সংৰক্ষণ  নকৰে।

How to Activate Incognito Window in Google Chrome?

Google Chrome ব্ৰাউজাৰত ইনকগনিটো উইণ্ড’ কেনেকৈ সক্ৰিয় কৰিব?

আপুনি PC আৰু স্মাৰ্টফোন, এই দুয়োটাৰে ক্ৰ’ম ব্ৰাউজাৰত Incognito Window mode সক্ৰিয় কৰিব পাৰে। Google Chrome ত Incognito Window সক্ৰিয় কৰাৰ কেইবাটাও উপায় আছে। তলত তাৰে দুটামান সহজ উপায় উল্লেখ কৰিছোঁঃ

পদ্ধতি ১ (কম্পিউটাৰ আৰু মোবাইলৰ বাবে প্ৰযোজ্য):

মন কৰিব যে এই পদ্ধতিটো কম্পিউটাৰ আৰু মোবাইল দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য । প্ৰথমে আপোনাৰ কম্পিউটাৰত বা মোবাইলত Chrome ব্ৰাউজাৰটো খোলক। এতিয়া খোলখোৱা উইণ্ড’ খনৰ (screen খনৰ) ওপৰৰ সোঁফালৰ চুকত থিয়কৈ থকা বিন্দু তিনিটাত ক্লিক কৰক, তাৰ পিছত এখন ড্ৰপ-ডাউন মেনু (Drop down menu) খোল খাব। তাৰ পিছত সেই ড্ৰপ-ডাউন মেনুত থকা “New incognito window” নামৰ বিকল্প টোত ক্লিক কৰক । দেখিব, আপোনাৰ ক্ৰ’ম ব্ৰাউজাৰৰ এটা নতুন টেবত Incognito window তৎক্ষণাত খোল খাব। ভালদৰে বুজিবলৈ তলৰ screen shot দুখনলৈ মন কৰক । (প্ৰথম খন ছবি কম্পিউটাৰৰ আৰু তলৰখন মোবাইল ফোনৰ বাবে)

প্ৰথমে চাওক কম্পিউটাৰ ক্ৰ’ম ব্ৰাউজাৰত Incognito Window mode কেনেকৈ সক্ৰিয় কৰিবঃ

Why and how to activate Incognito Window in Google Chrome
Steps to activate Incognito Window in Chrome

এই ২য় খন চিত্ৰত চাওক মোবাইলৰ ক্ৰ’ম ব্ৰাউজাৰত Incognito Window mode কেনেকৈ সক্ৰিয় কৰিবঃ

Browser টো খুলি লৈ প্ৰথমে ব্ৰাউজাৰ উইণ্ড’ খনৰ (screen খনৰ) ওপৰৰ সোঁফালৰ চুকত থিয়কৈ থকা বিন্দু তিনিটাত ক্লিক কৰক, তাৰ পিছত এখন ড্ৰপ-ডাউন মেনু (Drop down menu) ওলাব। তাৰ পিছত সেই ড্ৰপ-ডাউন মেনুত থকা “New incognito window” নামৰ বিকল্প টোত ক্লিক কৰক

Steps to activate incognito tab in Chrome mobile
Chrome Browser option menu on Mobile phone

পদ্ধতি ২ (কম্পিউটাৰৰ বাবে প্ৰযোজ্য):

আপুনি কম্পিউটাৰত Incognito Window mode সক্ৰিয় কৰিবলে keyboard shortcut ও ব্যৱহাৰ কৰিব পাৰে। ব্ৰাউজাৰটো সাধাৰণ অৱস্থাত খুলি থোৱাৰ সময়ত keyboard shortcut ব্যৱহাৰ কৰি ইনকগনিটো উইণ্ড’ খোলাটোৱেই আটাইতকৈ সহজ আৰু চুটি পদ্ধতি। তেনে কৰিবলে, আপোনাৰ কম্পিউটাৰৰ কীব’ৰ্ডত “Ctrl, Shift, আৰু N” (Ctrl+Shift+N) কী কেইটা একেলগে টিপক। লগে লগে এখন ইনকগনিটো উইণ্ড’ খোল খাব। এই কীব’ৰ্ড চৰ্টকাটে আপোনাক ইনকগনিটো ব্ৰাউজিং উইণ্ড’ অতি সহজে খুলিবলৈ সহায় কৰে।

পদ্ধতি ৩ (কম্পিউটাৰ আৰু মোবাইলৰ বাবে প্ৰযোজ্য):

আপুনি এই পদ্ধতিত এটা ৱেব পেজত থকা লিংক (Link/Hyperlink) এটা পোনপটীয়াকৈ Incognito Window অত খুলিব পাৰে। কম্পিউটাৰত এনে কৰিবলৈ হ’লে, Incognito Window অত খুলিব বিচৰা লিংকটোত কম্পিউটাৰ মাউছৰ কাঁড় চিনডাল ৰাখি প্ৰথমে right click কৰক । Right click কৰাৰ লগে লগে এখন Menu ওলাব যিখনক ‘context menu’ বা অসমীয়াত ‘প্ৰসংগ মেনু’ বোলা হয় । এতিয়া context menu খনত থকা “Open link in incognito window” নামৰ option টোত ক্লিক কৰক । খুলিব বিচৰা লিংকটো তৎক্ষণাত Incognito Window ত খোল খাব । (মনত ৰাখিব, Right Click মানে মাউছটোৰ সোঁফালে থকা বুটামটো ক্লিক কৰা।)

এই কামটো মোবাইল ফোনৰ Chrome ব্ৰাউজাৰত কৰিবলৈ হ’লে, খুলিব বিচৰা লিংকটোত আঙুলিৰে ক্ষন্তেক হেঁচি ধৰক আৰু তাৰ পিছত ওলোৱা context menu খনত থকা “Open link in incognito tab” option টোত চুই দিয়ক ।

এই লেখাটোৰ পৰা আপুনি Google Chrome অৰ Incognito Window কি আৰু সেইটো কিয় আৰু কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কিছু কথা জানিলে । অৱশ্যে এটা কথা মন কৰিব যে আপোনাৰ গোপনীয় তথ্য সমূহ অনলাইনত সুৰক্ষিত কৰি ৰখাৰ এইটো এটা সাধাৰণ উপায় । ই এই ক্ষেত্ৰত আপোনাক ১০০% সুৰক্ষা প্ৰদান কৰিব নোৱাৰে । অনলাইনত আপোনাৰ গোপনীয় তথ্য সমূহক অধিক সুৰক্ষিত কৰি ৰাখিবলৈ আৰু বহু উপায়, আহিলা বা ছফটৱেৰ আছে । সেই সমূহৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত লিখিম । এই লেখাটে পঢ়ি ভাল পালে Facebook, WhatsApp, Twitter আদিৰ যোগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

Related Articles

Leave a Comment

 

Share to: