Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)

শব্দ অসমীয়া অভিধান ছফটৱেৰ (Xobdo Dictionary Software) কি আৰু কম্পিউটাৰত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে কিছু কথা

Xobdo Logo (Image source: xobdo.org)আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ (Assamese Dictionary Software) অৰ বিষয়ে লিখিবলৈ লৈছোঁ, যিটো অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব আৰু যাৰ জৰিয়তে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব । এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ ছফ্‌টৱেৰটোৰ নাম হৈছে ‘শব্দ’ (ইংৰাজীত Xobdo)।

আমি লিখা-মেলা কৰোঁতে প্ৰায়েই নতুন নতুন শব্দৰ মুখা-মুখি হওঁ আৰু সেয়ে আমি সকলোৱেই একোখনকৈ হলেও বৃহৎ পৃষ্ঠাৰ  অভিধান লগত ৰাখোঁ । বৰ্তমান যুগটো ডিজিটেল যুগ, য’ত প্ৰায় সকলো কাম computer, smartphone বা অন্যান্য ইলেক্ট্ৰনিক আহিলা আৰু মাধ্যমৰ যোগেদি কৰা হয় । তাৰ সমান্তৰালকৈ আমাৰ লিখা-মেলা, কিতাপ পঢ়া আদি কাম সমুহো ডিজিটেল মাধ্যমৰ যোগেদি কৰিবলৈ লৈছোঁ । সেয়ে Computer লিখা পঢ়া কামবোৰ কৰোঁতে প্ৰয়োজন হোৱা Dictionary খন যদি কম্পিউটাৰটোতে ভৰাই ল’ব পাৰি তেন্তে কিমান সুবিধা হ’ব বাৰু, আৰু তাতে যদি সেইখন অসমীয়া হয় ?

Xobdo Assamese Dictionary for PC – অসমীয়া অভিধান ‘শব্দ’:

Assamese Dictionary Xobdo download

[জনপ্ৰিয় বিষয়: কুইজ মেলা, অনলাইন অসমীয়া কুইজ]

বৰ্তমান সময়ত আমি প্ৰায়েই একোখন ইংৰাজি ভাষাৰ অভিধান বা শব্দকোষ আমাৰ Computer টোত Install কৰি লওঁ । Computer অত ব্যৱহাৰ কৰিব পৰাকৈ বহু কেইখন উন্নত মানৰ বিনামূলীয়া ইংৰাজী অভিধান (Free english Dictionary Software for PC) পোৱা যায় । কিন্তু ইংৰাজী অভিধানৰ দৰে কম্পিউটাৰৰ বাবে অসমীয়া অভিধান পোৱাটো কিছুদিনৰ আগলৈকে দুৰ্লভ আছিল । কিন্তু কিছু বছৰ আগতে কেইজনমান অগ্ৰনী ব্যক্তিৰ প্ৰচেষ্টাত এখন অনলাইন অভিধান (Online Dictionary) গঢ়লৈ উঠে । যিখনৰ নাম আছিল xobdo.org. এই Xobdo.Org হ’ল উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন ভাষাসমূহৰ বাবে গঢ় দিয়া একমাত্ৰ অনলাইল অভিধান (Online Dictionary) আৰু সেই অনলাইন অভিধান খনৰ এক অফলাইন (Offline version) ৰূপ হিচাপে প্ৰকাশ কৰা হয় অসমীয়া বিনামূলীয়া কম্পিউটাৰ অভিধান “XOBDO” বা ‘শব্দ’ । ‘শব্দ’ হ’ল অসমীয়া-ইংৰাজী দ্বিভাষিক অভিধান ।

অনলাইন (Online) আৰু অফলাইন (Offline) অভিধানৰ পাৰ্থক্যঃ

‘শব্দ’ অনলাইন আৰু অফলাইন ইংৰাজী-অসমীয়া অভিধান দুখন কিছু কিছু ক্ষেত্ৰত একেই যদিও এই দুইখনৰ মাজত যঠেষ্ট বৈসাদৃশ্য আছে । এই অভিধান দুখনৰ প্ৰধান পাৰ্থক্য হ’ল,

  • ‘শব্দ’ অনলাইন (Xobdo.Org) অভিধান খন আপোনাৰ computer অত খুলি চাবলৈ হ’লে আপোনাৰ Computer টোত সক্ৰিয় ইন্টাৰনেট সংযোগ থাকিব লাগিব, ইন্টাৰনেট সেৱা অবিহনে আপুনি এই অনলাইন শব্দকোষ খন মেলি চাব নোৱাৰিব । কিন্তু ‘শব্দ’ অফলাইন (Xobdo offline version) শব্দকোষ খনত শব্দ অৰ্থ বিচাৰিবলৈ কোনো ইন্টাৰনেট সেৱাৰ প্ৰয়োজন নহয় । মাত্ৰ ‘শব্দ’ Software টো আপোনাৰ computer অত ভৰাই ললেই হ’ল । আপুনি ইন্টাৰনেট সেৱাৰ অবিহনেই যিকোনো সময়তে ইয়াত শব্দ অৰ্থ বিচাৰিব পাৰিব ।
  • ‘শব্দ’ অনলাইন অভিধান খন যিহেতু এক Web Application, গতিকে ইয়াক আপুনি কোনো স্মাৰ্টফোন (Smartphone) নাইবা Computer অৰ জৰিয়তে খুলি ব্যৱহাৰ কৰিব পাৰিব । কিন্তু  ‘শব্দ’ অফলাইন সংস্কৰণটো Computer হে install কৰিব পাৰি Computer অৰ জৰিয়তেহে ব্যৱহাৰ কৰিব পাৰি ।
  • ‘শব্দ’ অনলাইন সংস্কৰণটোত প্ৰতিদিনে ন ন শব্দ সন্নিবিষ্ট কৰি থকা হৈছে আৰু ইয়াত অসমীয়া আৰু ইংৰাজীৰ উপৰিও ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় ভাষা সমুহো সংযোজন কৰা হৈছে । আনহাতে ‘শব্দ’ অফলাইন শব্দকোষ খনৰ শব্দ ভাণ্ডাৰ যথেষ্ট সীমিত । কাৰণ, এই Asamese Dictionary Software টো কেইবা বছৰ ধৰি আপডেট কৰা হোৱা নাই । অৰু ইয়াত মাত্ৰ ইংৰাজী আৰু অসমীয়া শব্দ অৰ্থহে বিচাৰিব পাৰি । তথপিও এই ‘শব্দ’ অফলাইন শব্দকোষ (Xobdo Assamese Dictionary) খনে আপোনাৰ কম্পিউটাৰটোতে অসমীয়া আৰু ইংৰাজী শব্দ অৰ্থ বিচৰাত যথেষ্ঠ সহায়ক হ’ব ।

প্ৰকাশকৰ বিৱৰণ (Publishers description):

“শব্দ” উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহৰ একমাত্ৰ সতাঁৰ (Online) অভিধান। “শব্দ”ৰ পৰা তথ্য লৈ এই “অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান” খন সজোৱা হৈছে। “ৰাইজ” এই অভিধানখনৰ মূল চালিকাশক্তি। ৰাইজেই এই অভিধানখনত তথ্যৰ যোগান ধৰিছে। অভিধানখনত ভুল তথ্য আপোনাৰ পৰিলক্ষিত হ’লে বিতৰ্কলৈ যোৱাৰ আগতে অনুগ্ৰহ কৰি আমাক জনাওক বা সদস্যভূক্ত হৈ আপুনি শুধৰাই দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ লগতে ভৱিষৎ প্ৰজন্মৰ উপকাৰ হব। তথ্যত থকা ভুল-ভ্ৰান্তিৰ বাবে “বিছিন্নতাঁৰ শব্দ অভিধান” নিৰ্মাতা দায়ী নহয়। সঁজুলি নিৰ্মাতা শব্দসংঘৰসমূহ সদস্যৰ ওচৰত কৃতজ্ঞ। (Source xobdo.org)



‘শব্দ’ অভিধানত (Xobdo offline version) অত কেনেকৈ শব্দ অৰ্থ বিচাৰিব:

‘শব্দ’ অভিধানত শব্দ অৰ্থ বিচাৰিবৰ বাবে প্ৰথমে তলত দিয়া ডাউনল’ড লিংকটোত ক্লিক কৰি ডাউনল’ড কৰক আৰু কম্পিউটাৰত Install কৰি লওক । তাৰ পিছত Xobdo offline dictionary প্ৰ’গ্ৰামটোত ক্লিক কৰি অভিধান খন খোলক । এতিয়া যদিহে আপুনি কোনো ইংৰাজী শব্দৰ অৰ্থ বিচাৰিব খুজিছে তেন্তে dictionary খনৰ ঘৰটোত শব্দটো লিখি কাষত থকা ”অৰ্থ” বুলি লিখি থোৱা ঘৰটোত ক্লিক কৰি দিয়ক । যদিহে অপুনি বিচৰা শব্দটো অভিধানখনত মজুত আছে, তেন্তে শব্দটোৰ অসমীয়া আৰু ইংৰাজী দুয়োটা অৰ্থ অভিধানখনত দেখিবলৈ পাব । (তলৰ চিত্ৰত দেখুৱাৰ দৰে)

Assamese dictionary Xobdo

আৰু যদিহে আপুনি কোনো অসমীয়া শব্দৰ অৰ্থ বিচাৰিব খুজিছে তেন্তে dictionary খনত অসমীয়া (ইউনিক’ড) আখৰ লিখিব পৰাকৈ যিকোনো অসমীয়া ইউনিক’ড লিখন ছফট্‌ৱেৰ এটা Install কৰি ল’ব লাগিব । তলত কিছুমান অসমীয়া ইউনিক’ড লিখন ছফট্‌ৱেৰৰ ডাউনল’ড লিংক দিয়া হৈছে । ইয়ৰে যিকোনো এখন computer অত Install কৰি আপুনি সহজে অসমীয়া লিখিব পাৰিব । ইয়াৰে নামৰ Avro Unicode (Bangla and Assamese) Writing Software টো ন-শিকাৰুৰ বাবে কিছু জতিল যদিও বৰ নিৰ্ভৰযোগ্য ।

(শব্দ অসমীয়া কম্পিউটাৰ অভিধানখন ডাউনলোড কৰিবলৈ তলৰ Download লিংকটোত ক্লিক কৰক)

Download Assamese Dictionary Xobdo:

DOWNLOAD



Xobdo Offline Dictionary Software অৰ কাৰিকৰী তথ্যঃ

  • নাম: Xobdo Assamese Dictionary
  • বিকাশক (Developer): xobdo.org শব্দ.অৰ্গ
  • বেৱচাইট: xobdo.org
  • অনুজ্ঞা-পত্ৰ (License):  বিনামূলীয়া (Free)
  • File Size: 40.05 MB
  • অপাৰেটিং চিষ্টেম (OS): Windows 10/8/7/Vista/XP (32bit/ 64bit)

Download Xobdo Anglo Assamese Dictionary free using the above link and install the dictionary software on your computer absolutely free.

Ratings:

0 / 5 4.88 8

Related Posts

Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)
Xobdo dictionary logo

এই লেখাটোত Assamese Dictionary Software XOBDO অৰ বিষয়ে লিখিছোঁ, শব্দ অসমীয়া অভিধান ডাউনলোড কৰক বিনামূল্যে ।

Price Currency: INR

Operating System: Windows 10, 8, 7

Application Category: Offline Dictionary

Editor's Rating:
4.5

3 thoughts on “Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)”

Leave a Comment

 

Share to: