How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Learn how to type Assamese Unicode on computer and other internet based services like Facebook, Twitter, Email, etc using Avro Unicode keyboard.

How to write Assamese Using Avro Keyboard?

অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ?

Steps to Write Assamese using Avro on PC কম্পিউটাৰত অসমীয়া লিখাৰ নিয়ম
Type Assamese Characters using Avro Keyboard

মোৰ আগৰ লেখাটো “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত প্ৰধানকৈ বাংলা ভাষা লিখিবৰ বাবে তৈয়াৰ কৰা হৈছিল, তথাপিও ইয়াত অসমীয়া আখৰ লিখিব পৰাকৈ “Bornona” আৰু “Avro Easy” নামৰ দুখন কী ব’ৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া “ৱ” আৰু “ৰ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমূহ একেই)।

অভ্ৰ কী ব’ৰ্ড নামৰ ছফ্‌টৱেৰটোৰ আন এটা সুবিধা হ’ল “Keyboard Layout Editor” নামৰ আহিলা বিধ । এই Layout Editor নামৰ আহিলা বিধৰ সহায়ত আমি আমাৰ প্ৰয়োজন আৰু ইচ্ছা অনুসৰি কী ব’ৰ্ড এখন সাজি লৈ ব্যৱহাৰ কৰিব পাৰো। অৰ্থাৎ কী ব’ৰ্ড খনৰ কোন্‌টো কী টিপিলে কম্পিউটাৰত কি আখৰ আহিব লাগে সেয়া পূৰ্বতে নিৰূপণ কৰি লব পাৰোঁ। 

আপোনালোকৰ সহায় হোৱাকৈ “Avro Assamese Keyboard by Koustubh” নামেৰে এখন InScript Keyboard Layout ডিজাইন কৰি আপোনালোকে ডাউনলোড কৰিব পৰাকৈ ইয়াত Upload কৰি দিছোঁ, যি খন ব্যৱহাক কৰি আপোনালোকে সহজে অভ্ৰ কী ব’ৰ্ডৰ সহায়ত অসমীয়া আখৰ লিখিব পাৰিব । Keyboard খনৰ Layout টো তলত দেখুওৱা হৈছে ।

Avro Assamese Keyboard Layout
Avro Assamese Keyboard Layout by Koustubh

মই ডিজাইন কৰা এই Assamese InScript Keyboard Layout খনৰ সহায়ত আখৰ লিখিবলৈ হ’লে, প্ৰথমে আপুনি Avro Software টো তলত দিয়া লিংকট ক্লিক কৰি ডাউনল’ড কৰি Install কৰি ল’ব লাগিব, তাৰ পিছত পুনৰ তলৰ দ্বিতীয়টো লিংকট ক্লিক কৰি Keyboard Layout টো ডাউনল’ড কৰিলৈ তাত Double-click কৰি দিব । এতিয়া অসমীয়া আখৰ লিখিবৰ বাবে Avro টো খুলি তাত Keyboard Layout টো “Avro Assamese Keyboard by Koustubh” লৈ সলনি কৰি লওক । তলৰ চিত্ৰত দেখুওৱাৰ দৰে:

Avro Assamese Keyboard layout

যিহেতু এই অভ্ৰ কী ব’ৰ্ড খন ব্যৱহাৰ কৰি Unicode Letter লিখিব পাৰে, সেয়ে এই খনৰ সহায়ত আমি ইন্টাৰনেটৰ সেৱা সমূহ যেনে ফেচবুক, টুইটাৰ, ই-মেইল, ব্লগ (Facebook, Twitter, E-mail services, Blog) আদিটো সহজে অসমীয়া শব্দ লিখিব পাৰোঁ। 

ন-শিকাৰু সকলৰ বাবে প্ৰথমে প্ৰথমে কম্পিউটাত অসমীয়া আখৰ লিখিবলৈ অলপ জতিল হয় । বহুতে আকৌ দুবাৰ মান চেষ্টা কৰিয়ে অসমীয়া আখৰ লিখাটো বৰ জতিল কাম বুলি হতাশ হৈ পৰে। আচলতে কম্পিউটাত অসমীয়া আখৰ লিখাটো প্ৰথমে অলপ জতিল যেন লাগিলেও অলপ চেষ্টা কৰিলেই অতি সহজ হৈ পৰে।

যিহেতু ইংৰাজী বৰ্ণমালাতকৈ অসমীয়া বৰ্ণমালাত বৰ্ণ (আখৰ) আৰু চিহ্ণৰ সংখ্যা অধিক সেয়ে কম্পিউটাৰৰ Keyboard অত প্ৰতিটো Key ৰ বিপৰীতে দুটাকৈ অসমীয়া আখৰ থাকে। যেনে ধৰক- কী বৰ্ডৰ ‘K’ আখৰটোৰ বিপৰীতে অসমীয়া ‘ক’ আৰু ‘খ’ দুটা আখৰ থাকে। যদি আমি অসমীয়া ‘ক’ আখৰ টো লিখিব লগীয়া হয় তেন্তে সাধাৰণ ভাবে Keyboard অত ‘K’ key টো টিপিলেই হব কিন্তু অসমীয়া ‘খ’ আখৰ টো লিখিব লগীয়া হয় তেন্তে Keyboard অত ‘Shift’ কীটো টিপি থাকি ‘K’ key টো টিপিব লাগিব।

অৰ্থাৎ,
ক = k
খ = Shift k

এই নিয়মটো আন আন Assamese Writing Software অৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়।

অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি নতুনকৈ যি সকলে অসমীয়া আখৰ লিখিবলৈ শিকিছে তেওঁ লোকে সাধাৰণতে “Bornona” কী ব’ৰ্ড খন ব্যৱহাৰ কৰি প্ৰথমে অসমীয়া আখৰ লিখিব পাৰে । এই কী-বৰ্ড খন হ’ল Phonetic Keyboard. এই কী-বৰ্ড খন Select কৰি লৈ কম্পিউটাৰৰ Key সমূহৰ উচ্চাৰণ অনুসৰি আখৰ সমূহ লিখিব পাৰি। যেনে কী-বৰ্ডত ‘k’ টিপিলে কম্পিউটাৰৰ স্ক্ৰীনত ‘ক’ আখৰ টো ওলাব, ‘p’ টিপিলে ‘প’ বা ‘c’ টিপিলে ‘চ’ আখৰ টো ওলাব।

এই “Bornona” কী ব’ৰ্ড বা এনে ধৰণৰ Phonetic Keyboard প্ৰফেচনেল টাইপিষ্ট (Professional Typist/পেশাদাৰী মুদ্ৰালেখক) সকলে সচৰাচৰ ব্যৱহাৰ নকৰে। প্ৰফেচনেল টাইপিষ্ট সকলে সাধাৰণতে “InScript” (Indian Script : standard keyboard layout for Indian script) keyboard ব্যৱহাৰ কৰে আৰু এই “InScript keyboard” খন অভ্ৰ প্ৰ’গ্ৰামত পোৱা নাযায় যদিও অভ্ৰ প্ৰ’গ্ৰামত পোৱা “Keyboard Layout Editor” নামৰ Option টোৰ সহায়ত ব্যৱহাৰকাৰীয়ে নিজেই এই “InScript keyboard” খন গঠন কৰিব পাৰে।


 লগতে পঢ়কঃ Pendrive অত Shortcut হৈ যোৱা ফাইলবোৰ কেনেকৈ উদ্ধাৰ কৰিব


অভ্ৰ কী ব’ৰ্ডৰ সহায়ত অসমীয়া আখৰ কেনেকৈ লিখিব:

এতিয়া চাওঁ আহক অভ্ৰ ছফ্‌টৱেৰৰ সহায়ত কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব । অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি অসমীয়াত আখৰ লিখিবলৈ প্ৰথমে কম্পিউটাৰটোত “Microsoft Word” বা তেনে ধৰণৰ প্ৰ’গ্ৰাম এটা খুলি লব লাগে। তাৰপাছত অভ্ৰ প্ৰ’গ্ৰাম টো খুলি লৈ Typing mode টো সলনি কৰি লব লাগে। Typing mode টো সলনি কৰিবলৈ অভ্ৰ প্ৰ’গ্ৰামত ‘English’ বুলি লিখি থোৱা Option টোত ক্লিক কৰিব লাগে তেতিয়া ‘English’ বুলি লিখি থোৱা Option টো ‘বাংলা’ লৈ সলনি হব । মাউচেৰে ক্লিক কৰাৰ সলনি কীবৰ্ডৰ ‘F12’ key টো এবাৰ টিপিলেই কীব’ৰ্ড খন ইংৰাজীৰ পৰা বাংলালৈ নাইবা বাংলাৰ পৰা ইংৰাজীলৈ সলনি কৰিব পাৰি। তলৰ চিত্ৰত দেখুৱাৰ দৰেঃ

Typing mode option in Avro keyboard

এতিয়া অভ্ৰৰ “Keyboard Layout” option টোত ক্লিক কৰি “Bornona” কী ব’ৰ্ড খন Select কৰি লৈ (তলৰ চিত্ৰত দেখুৱওৱা হৈছে) Microsoft Word প্ৰ’গ্ৰামটোৰ “Home” Menu ত “Font” option টোত “Kalpurush” Font টো Select কৰি লৈ অসমীয়াত আখৰ লিখিব পাৰিব (অৱশ্যে আন যিকোনো Font Select হৈ থাকিলেও অসমীয়াত আখৰ লিখিব পাৰি কিন্তু দুটামান আখৰ শুদ্ধ ৰূপত পোৱা নাযায়) ।

Select Bornona keyboard to Write Assamese using Avro

অভ্ৰ কী-বৰ্ড খনৰ কোনটো কী (Key) টিপিলে কি আখৰ আহিব:

কী-বৰ্ডৰ কোনটো কী (Key) টিপিলে কি অসমীয়া আখৰ লিখা যাব সেয়া আমি মনত ৰাখি লব লাগিব। ইয়াকে কৰিব হলে প্ৰথমে অভ্ৰ প্ৰ’গ্ৰাম টো খুলি লৈ Typing mode টো সলনি কৰি লব লাগে (ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে) নাইবা ‘F12’ key টো টিপিব লাগে), তাৰপাছত “Bornona” কী ব’ৰ্ড খন Select কৰি লব লাগে আৰু লগতে Microsoft Word প্ৰ’গ্ৰাম টো খুলি লৈ কী ব’ৰ্ড খনত থকা প্ৰতিটো Key টিপিব লাগে (এবাৰ ‘Shift’ কীটো নিটিপাকৈ আৰু আনবাৰ ‘Shift’ কীটো টিপি) আৰু কোনটো কোনটো কী (Key) টিপিলে কি অসমীয়া আখৰ আহে সেয়া বহী এখনত লিখি যাব লাগে (তলৰ চিত্ৰত দেখুৱাৰ দৰে)। এনেদৰে আখৰ বোৰ মনত ৰাখিবলৈ সহজ হয়।

(ব’ৰ্ড খনত থকা প্ৰতিটো Key যেনে A ৰ পৰা Z অলৈ, 1 অৰ পৰা 0 লৈ আৰু (,) (.) (?) আদি Key সমূহো টিপিব লাগে। মাত্ৰ “F1” অৰ পৰা “F12” অলৈ ‘Function’ key সমূহ টিপিব নালাগে।

অভ্ৰ কীবৰ্ডৰ দ্বাৰা অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখিব – how to write Assamese juktakkhor ?

অভ্ৰ কীবৰ্ডৰ দ্বাৰা অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখিব

“Bornona” কী ব’ৰ্ড খন ব্যৱহাৰ কৰি অসমীয়া লিখোঁতে ইংৰাজী “h” আখৰটোৰ সহায়ত আখৰ যুক্ত কৰা হয়। যুক্তাক্ষৰ লিখোঁতে কি কি অসমীয়া আখৰ লগলাগি যুক্তাক্ষৰটো সৃষ্টি হৈছে তাক ভালদৰে জানি লব লাগিব। যেনে ধৰাহ’ল আমাৰ লিখিব লগীয়া আখৰটো ‘ক্ষত্ৰিয়’। এই ক্ষত্ৰিয় শব্দটোত যুক্ত হৈ থকা আখৰ সমূহ হ’লঃ

ক্ষত্ৰিয় :

ক্ষ = ক + ষ (k + x)
ত্ৰি = ত + ৰ + ই (t + Shift \ + i)
য় = য় (Shift b)
আৰু এই আখৰ সমূহ যুক্ত কৰিবলৈ হলে এনেদৰে লিখিব লাগিব – khxth|iB (k + h + x + t + h + shift ধৰি \ + i + B) (যোগ চিন ডাল টিপিব নালাগে)

বস্তু :

ব = ব (b)
স্তু = স + ত + উ (shtu) (s + t + u)
কৰ্ণ :
ক = ক (k)

ৰ্ণ = ৰ + ণ (|hN) [shift ধৰি \ + shift ধৰি n]

অভ্ৰ চফটৱেৰ কেনেকৈ ডাউনল’ড (Download) কৰিবঃ

অভ্ৰ কীবৰ্ড চফটৱেৰটো সহজে ডাউনল’ড কৰিবৰ বাবে তলৰ ডাউনল’ড অপচনটোত ক্লিক কৰিব ।

Download Avro

পঢ়িবলৈ নাপাহৰিব:

লাচিত কী ব’ৰ্ডৰে Smartphone অত অসমীয়া কেনেকৈ লিখিব

কম্পিউটাৰত থাকিবলগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ

পৰিশিষ্টঃ

কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে অভ্ৰ কীবৰ্ডৰ বাহিৰেও আন কেইবাটাও চফটৱেৰ আছে আৰু প্ৰত্যেকৰে নিজ নিজ বৈশিষ্ট আৰু কম বেছি পৰিমানে দোষ বা গুণ আছে । কিন্তু অভ্ৰ চফটৱেৰটোৰ কিছুমান বৈশিষ্ট বাকী চফটৱেৰ সমূহতকৈ উন্নত । এই চফটৱেৰটো নিৰ্মান কৰিছে OmicronLab নামৰ এটা প্ৰতিস্থানে । যদিওবা ই এটা বাংলা ভাষা লিখা Software, তথাপি ইয়াৰ যোগেদি অসমীয়াও সুন্দৰকৈ লিখিব পাৰি । পিছলৈ বাকী অসমীয়া আখৰ লেখা চফটৱেৰ সমূহৰ ব্যৱহাৰ সম্পৰ্কেও লিখাৰ চেষ্টা কৰিম । 

যুগৰ পৰিবৰ্ত্তনৰ লগে লগে মানুহৰ কৰ্মৰাজি আৰু কৰ্মৰ সাধনৰো সলনি ঘটিছে । সকলো কাম-কাজ কম্পিউটাৰৰ সহায়ত অনলাইন যোগে ডিজিটেল ৰূপত হ’বলৈ ধৰিছে ।  কিন্তু এই কম্পিউটাৰৰ জগতত অসমীয়া ভাষাৰ ব্যৱহাৰ অতি নগন্য । সেয়ে এই ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ চিন ৰাখিবলৈ হ’লে আমি অসমীয়া ভাষাৰ ডিজিটেল ৰূপত ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব । সেয়ে, কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ ওপৰত সংক্ষেপে এটা লেখা আগবঢ়ালোঁ । যদিও লেখাটোত যিমানদূৰ সম্ভৱ অসমীয়া শব্দ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছোঁ, তথাপি পাঠকৰ সুবিধাৰ বাবে কিছুমান ইংৰাজী শব্দৰো প্ৰয়োগ কৰা হৈছে ।

Related Posts

Leave a Comment

 

Share to: