Download Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদিওবা এই ছফ্‌টৱেৰটো কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে নিৰ্মাণ কৰা হৈছিল, ইয়াৰ সহায়ত অসমীয়া আখৰ লিখিব পৰাকৈ “Bornona” নামৰ এখন কী ব’ৰ্ড সংযোগ কৰা হয়। যাৰ সহায়ত অসমীয়া “ৱ” আৰু “ৰ” আখৰ দুটাও লিখিব পাৰি (যিহেটো বাকী অসমীয়া আৰু বাংলা আখৰ সমুহ একেই)। এই অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি আমি ইন্টাৰনেটৰ বিভিন্ন মাধ্যম যেনে Facebook, Twitter, E-mail service আদি সমূহটো সহজে অসমীয়া শব্দ লিখিব পাৰোঁ।

Download Avro Keyboard to Write Assamese

অভ্ৰ কী ব’ৰ্ড নামৰ ছফ্‌টৱেৰটোৰ আন এটা সুবিধা হ’ল “Layout Editor” নামৰ আহিলা বিধ । এই Layout Editor নামৰ আহিলা বিধৰ সহায়ত আমি আমাৰ প্ৰয়োজন আৰু ইচ্ছা অনুসৰি কী ব’ৰ্ড এখন সাজি লৈ ব্যৱহাৰ কৰিব পাৰো। অৰ্থাৎ কী ব’ৰ্ড খনৰ কোন্‌টো কী টিপিলে কম্পিউটাৰত কি আখৰ আহিব লাগে সেয়া পূৰ্বতে নিৰূপণ কৰি লব পাৰোঁ। 

[জনপ্ৰিয় বিষয়: কুইজ মেলা, অনলাইন অসমীয়া কুইজ]

এই Avro Assamese Keyboard খনৰ আকাৰ যঠেষ্ট সৰু, মাত্ৰ প্ৰায় 7 MB. সেয়ে ইয়াক যিকোনো কম্পিউটাৰতে (নতুন, পুৰণি বা কম মানদণ্ডৰ কম্পিউটাৰ) স্থাপন কৰিব পাৰি । উইণ্ডোজ অপাৰেটিং চিষ্টেম (Windows Operating System) যুক্ত কম্পিউটাৰৰ ওপৰিও এই কী ব’ৰ্ড খন মেক (Mac OS) বা লিনাক্স (Linux) অপাৰেটিং চিষ্টেম যুক্ত কম্পিউটাৰতো স্থাপন কৰিব পাৰি ।


লগতে পঢ়ক:

অভ্ৰ কী ব’ৰ্ড” ব্যৱহাৰ কৰি অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখিব ?


**লগতে মনত ৰাখিব যে অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত শুদ্ধভাবে অসমীয়া লিখিবলৈ হলে কম্পিউটাৰত “কালপুৰুষ” আৰু “শিয়াম ৰূপালী/Siyam Rupali” (শ্যাম ৰূপালী) ফন্ট (Font) দুটা install কৰি লব লাগিব।

লগতে জানক:

অভ্ৰ কী ব’ৰ্ড খনৰ কাৰিকৰী সবিশেষ (Technical Details)

  • Name: Avro Keyboard
  • Support Operating System: All Windows Versions (both 32 bit and 64-bit editions)
  • Developer: Mehdi Hasan Khan
  • Website: omicronlab.com
  • Size: 6.7 MB
  • Version: 5.6.0

Download Avro keyboard to write Assamese:

তলত দিয়া লিংকটোৰ জৰিয়তে অভ্ৰ কী ব’ৰ্ড সহজে ডাউনলোড কৰিব পাৰিব:

DOWNLOAD

লগতে পঢ়ক: অভ্ৰ কী ব’ৰ্ড” ব্যৱহাৰ কৰি অসমীয়া যুক্তাক্ষৰ কেনেকৈ লিখিব ?

কালপুৰুষ ফন্ট ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক (Click Here)

শ্যাম ৰূপালী ফন্ট ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক (Click Here)

Google Chrome ব্ৰাউজাৰৰ কেইটামান আকৰ্ষণীয় ব্যৱহাৰ জানো আহক

Avro is a Unicode writing keyboard software used to write Bangla and Assamese on PC. It is mainly developed to write Bangla Unicode fonts on the computer but it can also be used to write Assamese Unicode well. Avro is a very lightweight but powerful Unicode keyboard that allows you to write Assamese in various programs as well as online platforms like Facebook, Twitter, Blogger, Gmail, etc. You can download Avro keyboard for PC free. Download Avro keyboard using the above link and use the Avro installer to install the keyboard on your Windows PC easily.

Learn how to write Assamese using Avro here.

লেখাতো পঢ়ি ভালপালে বা আপোনাৰ কিছু সহায়ক হলে Share কৰিবলৈ নাপাহৰিব, যাতে আন দুজনৰো সহায় হয় । (Share কৰক তলৰ WhatsApp, Facebook, Twitter আদি মাধ্যম সমুহৰ জৰিয়তে)

Ratings:

0 / 5 4.91 11

Related Topics

Leave a Comment