ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ পৰিচয়, শিক্ষা, আৰু কৰ্মজীৱনৰ ওপৰত এক চমু বিৱৰণ আৰু কিছু তথ্য

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ

ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় 

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ অত্যন্ত খ্যাতি আৰু সন্মান আছিল।

ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় আৰু বিৱৰণ Brief details of Dr. Bhupen Hazarika in Assamese
ড° ভূপেন হাজৰিকা- Photo source License: CC 3.0

ড° ভূপেন হাজৰিকা দেৱৰ ৰচনাসমূহে অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী আদি বিভিন্ন ভাষাক সামৰি লৈছিল আৰু তেখেতৰ গীতসমূহে প্ৰায়ে সামাজিক বিষয়, সংস্কৃতি, ৰাজনীতি আৰু দুৰ্নীতি আদি সামাজিক বিষয় সমূহ চুই গৈছিল। বেলজিয়াম, কংগো, সমৰকণ্ড, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান আৰু অষ্ট্ৰেলিয়াকে ধৰি বহু দেশ ভ্ৰমণ কৰি সংগীত, সাহিত্য, লেণ্ডস্কেপ আৰ্ট আৰু চলচ্চিত্ৰৰ আলোচনা চক্ৰ আৰু সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰা বিশ্ব নাগৰিক আছিল তেখেত।

ভূপেন হাজৰিকাৰ জন্ম আৰু পৰিয়াল:

ভূপেন হাজৰিকাই জন্মগ্ৰহণ কৰিছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ চহৰ সদিয়াৰ এখন গাঁৱৰ এক সম্ভ্ৰান্ত পৰিয়ালত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত (1926 চনৰ 8 ছেপ্টেম্বৰত) । তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা । নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ মুঠ দহজন সন্তান আছিল সকলোৰে জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। তেখেতৰ অনুজ কেইগৰাকী হ’ল ক্ৰমে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা।

নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল নাজিৰাৰ আমোলাপট্টিত । কিন্তু চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেখেতে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয় ।

ভূপেন হাজৰিকাৰ ল’ৰালি কালঃ

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা হাজৰিকা দেৱৰ মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল যদিও ঘৰৰ জ্যেষ্ঠ সন্তান হোৱাৰ বাবে তেখেতক ঘৰত ডাঙৰমইনা বুলি মাতিছিল। শদিয়াত বসবাস কৰি থাকোঁতে নীলকান্ত হাজৰিকাৰ ঘৰৰ সৈতে কাষৰ আদিবাসী গাঁৱৰ লোকসকল অতি মিলা-প্ৰীতি আছিল আৰু সেই গাঁৱৰ মানুহ আহি শিশু ভূপেনক চোৱাচিতা কৰিবলৈ। ভূপেন দাৰ মাতৃ শান্তিপ্ৰিয়াক তেওঁলোকে বৰ মৰম কৰিছিল।

মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই ভূপেন হাজৰিকাক পৰিচয় কৰাই দিছিল পৰম্পৰাগত অসমীয়া সংগীতৰ সৈতে আৰু তেনেদৰেই তেখেতৰ শিশু মনত অংকুৰিত হৈছিল সংগীতৰ বীজ । আৰু সেই বীজৰ পৰাই সৃষ্টি হৈছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা নামৰ বৃক্ষজোপাৰ । যি বৃক্ষৰ ডাল, পাত, শিপাই বিশ্বৰ প্ৰতিজন ব্যক্তিৰ হৃদয়লৈ প্ৰসাৰিত হৈছিল আৰু সকলোকে অনন্ত কাললৈ বান্ধিলে একেডাল সংগীতৰ নেদেখা এনাজৰীৰে । ভূপেন হাজৰিকাৰ পদচিহ্ণকে অনুকৰণ কৰি তেখেতৰ ভাতৃ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী স্বৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল।

জনপ্ৰিয় লেখাঃ Chat GPT – এক চমৎকাৰী আৱিস্কাৰ, জানক ই কেনেদৰে কাম কৰে

পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল।  ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১০ বছৰ বয়সত ভূপেন হাজৰিকাই তেজপুৰৰ এখন ৰাজহুৱা অনুষ্ঠানত বৰগীত পৰিবেশন কৰিছিল আৰু তাতেই তেওঁৰ প্ৰতিভা দৃষ্টিগোচৰ হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ।

১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত ‘শোণিত কুঁৱৰী’ আৰু ‘জয়মতী’ নাটক দুখনৰ গীত বাণীবদ্ধ কৰাৰ উপৰিও একে সময়তে বিষ্ণু ৰাভা দেৱৰ ৰচিত ‘উলাহতে নাচিবাগি হ’লি বিয়াকুল’ আৰু ‘কাষতে কলচী লৈ’ গীত দুটিও বাণীবদ্ধ কৰে। ইয়াৰ পিছত হাজৰিকাই প্ৰায় ১২ বছৰ বয়ষত ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। এনেদৰেই তেখেতৰ কলাত্মক জীৱনৰ আৰম্ভণি হয় আৰু লাহে লাহে এজন সুপৰিচিত গীতিকাৰ, সুৰকাৰ, আৰু গায়ক হিচাপে পৰিগণিত হৈছিল।

ভূপেন হাজৰিকাৰ শিক্ষাঃ

ভূপেন হাজৰিকাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথমচোৱাৰ শিক্ষা ঘৰতে পৰিয়ালৰ লোকৰ পৰা লাভ কৰিছিল। বিশেষকৈ তেখেতৰ মাকৰ ভৰলুমুখৰ  ঘৰখনত ককাক, মাহীয়েক আদি লোক সকল শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। লগতে দেউতাক নীলকান্ত হাজৰিকাই কটন কলেজিয়েট হাইস্কুলত শিক্ষকতা কৰিছিল। তেখেত সকলে ঘৰতেই ভূপেনদাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিছিল। তাৰ পিছত ড° হাজৰিকাই  প্ৰাথমিক শিক্ষা সম্পুৰ্ণ কৰে গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত । তাৰ পিছত পঢ়ে ধুবুৰী চৰকাৰী হাইস্কুলত আৰু তাৰ পিছত ১৯৪০ চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে ।

তাৰ পিছত ১৯৪২ চনত কটন কলেজৰ পৰা কলা শাখাত ইণ্টাৰমিডিয়েট, ১৯৪৪ আৰু ৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত ক্ৰমে বি. এ.  আৰু এম. এ. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি ১৯৪৯ চনত নিউয়ৰ্কলৈ যাত্ৰা কৰে।তাত তেখেতে পি এইচ ডি (PhD) সম্পূৰ্ণ কৰি ডক্টৰেট উপাধি লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল “Proposals for Preparing India’s Basic Education to use Audio-Visual Techniques in Adult Education”.

জনপ্ৰিয় লেখাঃ 500 টকাৰে কিনিব পৰা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

ড° ভূপেন হাজৰিকাৰ কেৰিয়াৰ আৰু কৰ্মজীৱন:

নিউয়ৰ্কত থকাৰ সময়তে ভূপেন হাজৰিকাই মানৱ অধিকাৰ কৰ্মী পল ৰবছনৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল, যিয়ে তেওঁক সংগীতক “সমাজ পৰিৱৰ্তনৰ আহিলা” হিচাপে ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। সেই পল ৰবছনৰ বিখ্যাত গীত Ol’ Man River দ্বাৰা অনুপ্ৰাণিত হৈ ৰচনা কৰে অমৰ সৃষ্টি “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে” । এই বিস্তীৰ্ণ পাৰৰে গীতটো বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ কৰি শিল্পীগৰাকীয়ে নিজেই গাইছে।

১৯৫০ চনত হাজকিকা দেৱ বিবাহপাশত আবদ্ধ হয় গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত, যাক তেওঁ লগ পাইছিল কলম্বিয়া বিশ্ববিদ্যালয়ত । আৰু ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকাই জন্মগ্ৰহণ কৰে, আৰু ১৯৫৩ চনত তেওঁ ভাৰতলৈ উভতি আহে।

ড° ভূপেন হাজৰিকাই এম এ ডিগ্ৰী লাভ কৰাৰ পিছত কিছু সময়ৰ বাবে গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ ষ্টেচনত কাম কৰিছিল, তাৰ পিছত কলম্বিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত কেইবছৰমানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত চাকৰি এৰি কলিকতালৈ যায় আৰু তাতেই তেওঁ এজন সফল সংগীত পৰিচালক আৰু গায়ক হিচাপে প্ৰতিষ্ঠা  লাভ কৰে।

এই সময়ছোৱাত হাজৰিকাই শকুন্তলা আৰু প্ৰতিধ্বনীৰ দৰে বঁটা বিজয়ী অসমীয়া চলচ্চিত্ৰৰ সৃষ্টি কৰিছিল, আৰু বহু অসমীয়া চিনেমাৰ বাবে কালজয়ী সংগীত ৰচনা কৰাৰ লগতে বাংলা সংগীতৰ এক নতুন জোৱাৰো কঢ়িয়াই আনিলে। ইয়াৰ উপৰিও হাজৰিকাই বাংলাদেশৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল, যিবোৰে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছিল। ১৯৯৩ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়, আৰু দুবছৰৰ পিছত নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

কেইটিমান বিখ্যাত আৰু জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত:

ভূপেন হাজৰিকাৰ মৃত্যু:

২০১১ চনত ড° ভূপেন হাজৰিকাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল আৰু মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটলৈ লৈ যোৱা হয় আৰু ৩০ জুনত তেওঁক ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰা হয়। দুৰ্ভাগ্যবশতঃ শৰীৰৰ কেইবাটাও অংগ অংগ বিকল হোৱাৰ বাবে ৫ নৱেম্বৰত  তেখেতৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰ নদীৰ সমীপত গুৱাহাটী বিশ্ববিদ্যালয়ে দান কৰা মাটিত অনুষ্ঠিত হোৱা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত লাখ লাখ শোকসন্তপ্ত লোকে অংশগ্ৰহণ কৰে।

জনপ্ৰিয় লেখাঃ কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ

ড° ভূপেন হাজৰিকা দেৱৰ বিষয়ে কিছু প্ৰশ্নোত্তৰ:

প্ৰশ্ন: ভূপেন হাজৰিকাৰ জন্ম কত আৰু কেতিয়া হৈছিল?

উত্তৰ: 1926 চনৰ 8 (আঁঠ) চেপ্তেম্বৰত সদিয়াত ভূপেন হাজৰিকাৰ জন্ম হৈছিল।

প্ৰশ্ন: ভূপেন হাজৰিকাৰ মাক-দেউতাকৰ নাম কি আছিল ?

উত্তৰ: ভূপেন হাজৰিকাৰ মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা আৰু পিতৃৰ নাম নীলকান্ত হাজৰিকা ।

প্ৰশ্ন: ভূপেন হাজৰিকাৰ মৃত্যু কত আৰু কেতিয়া হৈছিল ?

উত্তৰ: ৮৫ বছৰ বয়সত 2011 চনৰ 5 নৱেম্বৰত মুম্বাইত মৃত্যু হৈছিল

প্ৰশ্ন: ভূপেন হাজৰিকাই কোন বছৰত পদ্মশ্ৰী লাভ কৰিছিল?

উত্তৰ: 1977 চনত

প্ৰশ্ন: ভূপেন হাজৰিকাক পদ্মভূষণ বঁটা প্ৰদান কিমান চনত প্ৰদান কৰা হয় ?

উত্তৰ: ড° ভূপেন হাজৰিকাক 2001 চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়।

প্ৰশ্ন: কোন বছৰত ভূপেন হাজৰিকাই পদ্ম বিভূষণ বঁটা  লাভ কৰিছিল?

উত্তৰ: 1912 চনত মৰণোত্তৰভাবে)  ।

প্ৰশ্ন: ভূপেন হাজৰিকাই কিমান চনত ভাৰতৰত্ন লাভ কৰিছিল?

উত্তৰ: 2019 চনত ।

প্ৰশ্ন: ড° ভূপেন হাজৰিকাৰ পত্নীৰ নাম কি ?

উত্তৰ: প্ৰিয়ম হাজৰিকা

জনপ্ৰিয় লেখাঃ কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

প্ৰশ্ন: ড° ভূপেন হাজৰিকাৰ পুত্ৰৰ নাম কি ?

উত্তৰ: তেজ হাজৰিকা

প্ৰশ্ন: ভূপেন হাজৰিকাই লাভ কৰা ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি?

উত্তৰ: দাদা চাহেব ফাল্কে বঁটা

উত্তৰ: প্ৰশ্ন: ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা কিমান চনত লাভ কৰিছিল ?

উত্তৰ: ১৯৯২ চনত (ড° ভূপেন হাজৰিকা হ’ল দাদা-চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ প্ৰথম গৰাকী ব্যক্তি)।

প্ৰশ্ন: ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চিনেমা কি আছিল?

উত্তৰ: এৰা বাটৰ সুৰ ।

প্ৰশ্ন: ড° ভূপেন হাজৰিকাৰ আত্মজীৱনী খনৰ নাম কি আছিল?

উত্তৰ: ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম আছিল “মোৰ জীৱন সোঁৱৰণ”।

প্ৰশ্ন: ড° ভূপেন হাজৰিকাই ৰচনা কৰা গীত সমূহক কি নামেৰে জনা যায় ?

উত্তৰ: ভূপেন্দ্ৰ সংগীত বুলি জনা যায়।

উপসংহাৰ:

ভূপেন হাজৰিকা মাথোঁ এজন ব্যক্তি নহয়, তেখেত অসমীয়া জাতিৰ গৌৰৱ, অসমীয়া সংগীত আৰু সাংস্কৃতিক জগত খনৰ পৰিচয় তথা অসমীয়া জাতিৰ পৰিচয় । বৰ্তমান হাজৰিকা দেৱৰ জন্ম আৰু মৃত্যু তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচী যেনে ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা, কৰ্মশালা, বক্তৃতানুস্থান, ড° ভূপেন হাজৰিকাৰ বিষয়ে ৰচনা প্ৰতিযোগিতা আদি অনুস্থান বিভিন্ন ঠাইত অনুস্থিত কৰা হয় । আৰু এই অনুস্থান সমূহ অনুস্থিত কৰি সুধাকণ্ঠৰ কৰ্মৰাজিক নতুন প্ৰজন্মক চিনাকী কৰি দিয়াটো অত্যন্ত্য জৰুৰী ।

ড. ভূপেন হাজৰিকাৰ চমু পৰিচয় (a brief introduction to Dr. Bhupen Hazarika) শীৰ্ষক এই লেখাটোত বিশ্বশিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কিছু চমু বিৱৰণ ডাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে । আচলতে মাত্ৰ এটা পৃষ্ঠাত শিল্পী গৰাকীৰ বিষয়ে লিখি প্ৰকাশ কৰাটো বা তেখেতৰ বিশাল কৰ্মৰাজিক ডাঙি ধৰাটো একেবাৰে অসম্ভৱ । এই লেখাত তেখেতৰ জীৱনৰ মাত্ৰ কেইটামান গুৰুত্বপূৰ্ণ দিন আৰু ঘটনাৰ বিষয়েহে উল্লেখ কৰা হৈছে । ইয়াত উল্লেখ কৰা কিছু তথ্য বিভিন্ন গ্ৰন্থ, লেখা আদিৰ পৰা সংগ্ৰহ কৰা হৈছে । অনিচ্ছাকৃত ভাৱে হ’ব পৰা ভুলৰ বাবে ক্ষমা বিচাৰিলোঁ ।

Ratings:

0 / 5 5 9

Related Articles

Leave a Comment

 

Share to: