ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

আজিৰ এই লেখাটোত ChatGPT (চাটজিপিটি) কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । (ChatGPT in Assamese)

চাটজিপিটি (ChatGPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি:

শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান কৰে। Google Assistant, Alexa Virtual Assistant আদি ভাৰ্চুৱেল এচিষ্টেণ্ট সমূহৰ পৰা আৰম্ভ কৰি স্বয়ংক্ৰিয় গ্ৰাহক সেৱালৈকে, Artificial Intelligence য়ে আমি প্ৰযুক্তিৰ সৈতে যোগাযোগ কৰাৰ ধৰণ সলনি কৰিছে। আৰু শেহতীয়া ভাৱে Chat GPT (চাট জিপিটি) ৰ আবিৰ্ভাৱে Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ জগত খনক অন্য এক মাত্ৰা প্ৰদান কৰিছে আৰু লগতে মানুহৰ প্ৰযুক্তি আৰু যন্ত্ৰৰ সৈতে ভাৱ বিনিময় কৰাৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ লৈছে ।

আজিৰ এই লেখাটোত অলপতে জনপ্ৰিয় হৈ পৰা ChatGPT কি আৰু ইয়াৰ প্ৰচলন আৰু ব্যৱহাৰ কি ধৰণে হ’ব ধৰিছে তাৰ বিষয়ে কিছু কথা লিখিবলৈ ওলাইছোঁ । Generative Pre-Trained Transformer (GPT) ৰ বিষয়ে অসমীয়াত লিখা এই লেখা টোত বুজিবলৈ সুবিধা হ’বৰ বাবে কিছুমান কাৰিকৰী শব্দ (technical word) ইংৰাজী ভাষাতে ব্যহাৰ কৰা হৈছে ।

ChatGPT কি, Learn about ChatGPT in Assamese.
ChatGPT কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব

ChatGPT কি (What is ChatGPT)?

ChatGPT (চাট জিপিটি) ৰ পুৰ্ণৰূপ হ’ল “Chat Generative Pre-Trained Transformer” (“চাট জেনেৰেটিভ প্ৰি-ট্ৰেইনড ট্ৰেন্সফৰ্মাৰ”) আৰু ইয়াক OpenAI নামৰ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI) ৰ বিকাশৰ বাবে প্ৰতিষ্ঠিত এটা অগ্ৰণী গৱেষণা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি উলিয়াইছে । Chat GPT হ’ল এটা neural network অৰ্থাৎ মানুহৰ মগজু আৰু স্নায়ুতন্ত্ৰৰ আৰ্হিত নিৰ্মাণ কৰা কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ভাষাৰ আৰ্হি ( (AI language model) বা কম্পিউটাৰ ব্যৱস্থা, যিটোক বিপুল পৰিমাণৰ তথ্যৰ ওপৰত প্ৰশিক্ষণ দি এনেদৰে নিৰ্মাণ কৰা হৈছে যে ই আমি প্ৰদান কৰা বিভিন্ন ধৰণৰ প্ৰশ্ন বা ইনপুটৰ প্ৰতি মানুহৰ দৰে স্বাভাৱিক কথোপকথনেৰে সঁহাৰি দিব পাৰে । এই AI মডেলটোক RLHF (Reinforcement Learning from Human Feedback) ব্যৱহাৰ কৰি প্ৰশিক্ষণ দিয়া হৈছে ।

এই কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ভাষাৰ আৰ্হিটো Transformer নামৰ গভীৰ শিক্ষণ প্ৰণালী (deep learning technique) ৰ দ্বাৰা চালিত, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে লিখা শব্দ আৰু বাক্য সমূহ process কৰি মানুহৰ দৰে সঁহাৰি সৃষ্টি কৰা হয়। এই প্ৰযুক্তিটোক মানহৰ কথোপকথন শৈলী সমূহৰ ওপৰত বৃহত পৰিমানে প্ৰশিক্ষণ দিয়া হৈছে যাতে ই আমি কৰা প্ৰশ্নটোৰ প্ৰসংগ বুজি নাপালেও মানুহৰ দৰে সঁহাৰি দিবলৈ সক্ষম হয়। ব্যৱহাৰকাৰীয়ে  লিখিত ৰূপত সোধা প্ৰায় যিকোনো প্ৰশ্নৰ উত্তৰ এই Chat GPT য়ে মানুহৰ কথোপকথনৰ আৰ্হিত দিব পৰা ক্ষমতাৰ বাবে ই ক্ৰমান্বয়ে জনপ্ৰিয়  আৰু এক শক্তিশালী ডিজিটেল মাধ্যমত পৰিণত হৈছে আৰু বিভিন্ন ক্ষেত্ৰ যেনে ব্যৱসায়, বিজ্ঞান, শিক্ষা, আদিত ইয়াৰ ব্যৱহাৰ দ্ৰুতগতিত হ’ব ধৰিছে।

Related Articles:

কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ

ChatGPT ৰ ব্যৱহাৰ (Usage of ChatGPT):

Chat GPT এটা অত্যাধুনিক AI ভাষা মডেল যিয়ে আমি মেচিনৰ সৈতে যোগাযোগ আৰু ভাৱ বিনিময় কৰাৰ প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে । যেনে ধৰক চফ্টৱেৰ ডেভেলপাৰ সকলক ই মানুহৰ দৰে সাইলাখ কথোপকথন সৃষ্টি কৰিব পৰা কৃত্ৰিম বুদ্ধিমত্তাযুক্ত ভাৰ্চুৱেল এজেণ্ট সৃষ্টি কৰিবলৈ সুবিধা দিয়ে, উদাহৰণস্বৰূপে কল চেন্টাৰ সমূহত যেনেকৈ কোনো ব্যক্তিয়ে বা এজেণ্টে আমাৰ সমস্যা সমূহৰ উত্তৰ দিয়ে, সেই কাম বৰ্তমান Chat GPT ৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত ভাৰ্চুৱেল এজেণ্টৰ যোগেদিও কৰিব পৰা যাব ।

ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ Chat GPT জৰিয়তে সহজে আৰু তৎক্ষণত পাব পাৰোঁ । কিন্তু এটা কথা আপুনি মনত ৰাখিব যে Chat GPT ৰ ডাটাবেছত ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে ঘটা ঘটনা সমূহৰ ওপৰতহে তথ্য সন্নিবিষ্ট কৰা হৈছে । ইয়াৰ পিছৰ পৃথিৱী আৰু পৰিঘটনাৰ বিষয়ে Chat GPT ৰ জ্ঞান  সীমিত । যেনে, আমি যদি চাট জিপিটিক শেহতীয়াকৈ বিশ্বত সংঘটিত হৈ যোৱা জৈৱ দুৰ্যোগ কি আছিল বুলি এটা প্ৰশ্ন কৰোঁ (লিখিত ৰূপত) তেন্তে তাৰ উত্তৰ Chat GPT য়ে এনে ধৰনে দিবঃ (তলৰ চিত্ৰত মন কৰক)

ChatGPT য়ে দিয়া উত্তৰৰ উদাহৰণ
ChatGPT কি ? জানো আহক অসমীয়াত

সৰু ডাঙৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও যদি আপুনি ইয়াক কোনো বিষয়ৰ ওপৰত এখন ৰচনা লিখিবলৈ কয় তেন্তে ই কেইছেকেণ্ডমানৰ ভিতৰতে ৰচনা এখন আপোনাক লিখি দিব পাৰে। এই AI Model টোক প্ৰায় যিকোনো কাম কৰিবলৈ ক’ব পাৰি। আনকি ইয়াত কবিতা লিখা, দীঘলীয়া গ্ৰন্থৰ সাৰাংশ লিখা, ছফ্টৱেৰ ক’ড সৃষ্টি কৰা, আদিৰ লগতে আৰু বহুতো ক্ষমতা আছে। আনহে নালাগে বিশ্বৰ বিভিন্ন দেশত অনুস্থিত আগশাৰীৰ পৰীক্ষা সমূহত দিয়া প্ৰশ্নবোৰৰ উত্তৰো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ই সহজে দিবলৈ সক্ষম হৈছে ।

ChatGPT ৰ ইতিহাসঃ

যোৱা কেইমাহমানত Chat GPT য়ে জনপ্ৰিয়তাৰ নতুন শিখৰত আৰোহণ কৰিছে । অৱশ্যে ই কোনো আচৰিত কথা নহয়! কাৰণ এই অনলাইন আহিলা বিধে কিছুমান আচৰিত কাম অতি সহজে কৰিব পাৰে। কিন্তু এই Chat GPT কোনে আৰু কেতিয়া নিৰ্মাণ কৰি উলিয়ালে ?

ওপৰত ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে এই Chat GPT ক নিৰ্মাণ কৰি উলিয়াইছে OpenAI নামৰ Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গৱেষণাৰ বাবে প্ৰতিষ্ঠিত এটা আগশাৰীৰ প্ৰতিষ্ঠানে । এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অৱস্থিত আৰু ইয়াক ২০১৫ চনতে প্ৰতিষ্ঠা কৰিছিল কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বৈজ্ঞানিক ল’গ লাগি । য’ত আছিল ইলন মাস্ক, ছেম আল্টমেন, পিটাৰ থিলৰ দৰে বিশিষ্ট ব্যক্তি আৰু মুখ্য বিজ্ঞানী আছিল ইলিয়া ছাটস্কেভাৰ, জেচিকা লিভিংষ্টন, আৰু ৰিড হফমেন।

Related Articles:

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ বাছি লোৱাৰ Tips

Incognito window কি আৰু কিয় ব্যৱহাৰ কৰিব লাগে

2018 চনত GPT ৰ প্ৰথমটো সংস্কৰণ GPT-1 প্ৰকাশ কৰা কৰা হয় । 2019 চনত ইয়াৰ ২য় সংস্কৰণ GPT-2 প্ৰকাশ হয়, এই ২য় সংস্কৰণ অৰ্থাৎ GPT-2 ৰ অতি সুসংহত আৰু বাস্তৱসন্মত লিখনী সৃষ্টি কৰাৰ ক্ষমতা থকাৰ বাবে ই বহুল ভাৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

আৰু ইয়াৰ পিছতে 2020 চনত মুকলি কৰি দিয়া হয় GPT ৰ তৃতীয় সংস্কৰণ GPT মডেল 3 । এই মডেলটো বিশেষভাৱে কথোপকথনমূলক প্ৰয়োগৰ বাবে ডিজাইন কৰা হৈছিল। GPT-3 মডেলটোৰ উন্নত সংস্কৰণ হিচাপে 15 মাৰ্চ 2022 অত প্ৰকাশ কৰে GPT-3.5 আৰু GPT-3.5 মডেলটোকে কিছু ঘঁহি-পিটি কথোপকথনৰ প্ৰসংগত মানুহৰ দৰে সঁহাৰি সৃষ্টি কৰিব পৰাকৈ ইয়াৰ কাৰ্য্যক্ষমতা উন্নত কৰি 2022 চনৰ 30 নৱেম্বৰ তাৰিখে OpenAI এ মুকলি কৰি দিয়ে Chat GPT. শেহতীয়া ভাৱে GPT-4 মুকলি কৰা হয় যিটো আগৰটোতকৈ যঠেষ্ট উন্নত ।

Finger PointingGood News: এতিয়া এই ৱেবচাইটতে Pragya AI Assistant (প্ৰজ্ঞা) নামেৰে এটা পৃষ্ঠা সংযোগ কৰা হৈছে যি Chat GPT ৰ দৰেই কাম কৰে । এই Pragya AI Assistant অক যিকোনো প্ৰশ্ন সুধি আপুনি উত্তৰ লাভ কৰিব পাৰে ।

Click Here Access Pragya AI

Chat GPT বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিনে ?

হয় পাৰি । বৰ্তমান সময়ত আপুনি OpenAI ৰ ৱেবছাইটৰ পৰা পোনপটীয়াকৈ আৰু বিনামূলীয়া ভাৱে Chat GPT ব্যৱহাৰ কৰিব পাৰে। কিন্তু সেয়া সদায়যে বৰ্তি থাকিব তাৰ কোনো নিশ্চয়তা নাই । যিহেতু Chat GPT language model টো এতিয়াও ইয়াৰ গৱেষণা আৰু শিক্ষণ পৰ্যায় (research and learning preview phase) অত আছে, গতিকে আপুনি ইয়াক বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰে । মাত্ৰ আপুনি OpenAI ৱেবচাইটত গৈ এটা বিনামূলীয়া একাউণ্টৰ বাবে পঞ্জীয়ন কৰি Chat GPT ব্যৱহাৰ কৰিব পাৰে ।

অৱশ্যে বৰ্তমান OpenAI এ গ্ৰাহকসকলৰ বাবে ChatGPT Plus নামৰ এটা প্ৰিমিয়াম সংস্কৰণ আৰম্ভ কৰিছে । য’ত উপভোক্তা সকলে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ ChatGPT ৰ দ্ৰুত সহাৰি লাভ কৰিব লগতে নতুন বৈশিষ্ট্যসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । এই ChatGPT Plus নামৰ এটা প্ৰিমিয়াম সংস্কৰণটোৰ মূল্য প্ৰতিমাহে 20 ডলাৰ (20 USD) অৰ্থাৎ বৰ্তমান সময়ত ভাৰতীয় টকাৰ হিচাপত প্ৰায় 1650 টকা ।

চাট জিপিটি সংস্কৰণ 8 (ChatGPT-4)

যোৱা 2023 চনৰ 14 মাৰ্চত নতুন OpenAI এ মুকলি কৰে GPT ৰ অত্যাধুনিক সংস্কৰণ GPT-4. Chat GPT-4 অৰ কাৰ্য ক্ষমতা আগৰ সংস্কৰণতকৈ যথেষ্ট বেছি । ইয়াৰ উন্নতমানৰ সৃষ্টিশীল শক্তিৰ জৰিয়তে  GPT-3.5 তকৈ অধিক সুক্ষ্ম নিৰ্দেশনা নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সেই নিৰ্দেশনা সমূহৰ প্ৰতি নিৰ্ভৰযোগ্য প্ৰতিক্ৰিয়া প্ৰদান কৰিব পাৰে । ইয়াৰ উপৰিও GPT-3.5 অত লেখাৰ সহায়তহে ইনপুত দিব পাৰে, কিন্তু GPT-4 এ ছবিত থকা বস্তুসমূহকো ইনপুট হিচাপে চিনাক্ত আৰু বিশ্লেষণ কৰিব পাৰে। GPT-3.5 ৰ সঁহাৰি 3000 শব্দত সীমাবদ্ধ, আনহাতে GPT-4 য়ে 25,000 তকৈ অধিক শব্দ সৃষ্টি কৰিব পাৰে ।

ChatGPT-4 সংস্কৰণটো বৰ্তমান ChatGPT Plus ব্যৱহাৰকাৰীসকলৰ বাবেহে উপলব্ধ।

Related Articles:

অভ্ৰৰ সহায়ত কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব

Pendrive অত Shortcut হৈ যোৱা ফাইল কেনেকৈ উদ্ধাৰ কৰিব ?

Chat GPT ব্যৱহাৰ কেনেকৈ আৰম্ভ কৰিব ?

আপুনি OpenAI ৰ ৱেবছাইটৰ পৰা পোনপটীয়াকৈ আৰু বিনামূলীয়া ভাৱে Chat GPT ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে আপুনি প্ৰথমে OpenAI ৱেবচাইটত গৈ এটা একাউণ্টৰ পঞ্জীয়ন কৰিব লাগিব যিটো সম্পুৰ্ণ বিনামূলীয়া কৈ কৰিব পাৰিব । একাউণ্ট পঞ্জীয়নৰ বাবে আপোনাক এটা সক্ৰিয় ইমেইল এড্ৰেচ আৰু এটা  ফোন নম্বৰৰ বা হোৱাটচএপ নম্বৰ প্ৰয়োজন হ’ব ।

একাউণ্টৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো এনেধৰণৰঃ

Step 1. OpenAI একাউণ্ট পঞ্জীয়নৰ বাবে প্ৰথমে chat.OpenAi.com লৈ যাওক আৰু “Sign up” option টোত ক্লিক কৰক ।

Signup process on ChatGTP
ChatGPT কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব

Step 2.  একাউণ্টৰ পঞ্জীয়নৰ বাবে এটা ইমেইল লিখকঃ

Enter email Screen on Chat GPT account creation

Step 3. এতিয়া আপোনাৰ একাউণ্টৰ বাবে ৮ টা সংখ্যাৰ এটা Password লিখি “Continue” option টোত ক্লিক কৰক ।

Chat GTP account sign up window 2

Step-4: “Continue” option টোত ক্লিক কৰাৰ পাছত পিছৰ Screen খনত আপোনাৰ নাম লিখি পুনৰ তলৰ “Continue” টোত ক্লিক কৰিব ।

Chat GPT একাউণ্ট কেনেকৈ বনাব ?

Step-5: ইয়াৰ পিছৰ Screen খনত আপোনাৰ ফোন নম্বৰটো দি “No” option টোত ক্লিক কৰিলে “Send code via SMS” option দেখা পাব আৰু তাত ক্লিক কৰিলে নতুন এখন screen ওলাব লগতে আপোনাৰ ফোনলৈ এটা Code (OTP) আহিব । এতিয়া সেই নতুন screen খনত আপুনি OTP টো ভৰাব লাগিব । লগে লগে আপোনাৰ OpenAI একাউণ্ট পঞ্জীয়ন সম্পুৰ্ণ হ’ব ।

Steps to create chat GPT account in Assamese

ইয়াৰ পিছতে তলৰ চিত্ৰত দেখা পোৱা screen দুখন ওলাব য’ত আপুনি তাৰ লিখা খিনি পঢ়ি বুজি লৈ “Next” বাটন টোত ক্লিক কৰিব আৰু তাৰ পিছতেই আপুনি ChatGPT ব্যৱহাৰ কৰিব পাৰিব । বিশেষকৈ এই Screen খনৰ “How we collect data” section টো ভালদৰে পঢ়ি ল’ব ।

Chat GTP Step 6

এই Screen খনত প্ৰথমে লিখা আছে যে “Your conversations may be reviewed by our AI trainers to improve our systems”. অৰ্থাৎ আপুনি Chat GPT ৰ লগত কৰা যিকোনো কথোপকথন Chat GPT বিশেষজ্ঞ সকলে চাব পাৰে, আৰু এই কথোপকথন GPT ৰ চিস্টেমসমূহ উন্নত কৰিবলৈ ব্যৱহাৰ হ’ব পাৰে ।

দ্বিতীয়তে লিখা আছে “Please don’t share any sensitive information in your conversations”. অৰ্থাৎ, আপোনাৰ Chat GPT ৰ লগত হোৱা chat বা কথা-বতৰাত কোনো স্পৰ্শকাতৰ বা গোপনীয় তথ্য শ্বেয়াৰ নকৰিব । যেনে কোনো ধৰণৰ পাছৱৰ্ড, PIN নম্বৰ, যিকোনো একাউণ্ট নম্বৰ, আপোনাৰ ব্যক্তিগত গোপনীয়, তথ্য আদি Chat GPT ৰ লগত হোৱা কথোপকথনত ব্যৱহাৰ কৰিব নালাগে ।

যিকোনো প্ৰশ্ন Chat GPT ক কেনেকৈ সুধিব ?

OpenAI একাউণ্ট পঞ্জীয়ন প্ৰক্ৰিয়া সম্পুৰ্ণ হোৱাৰ পাছত তলৰ চিত্ৰত দেখুওৱা window বা screen খন দেখা পাব য’ত থকা Text Box টোত আপুনি সুধিব লগীয়া প্ৰশ্নটো টাইপ কৰি কাষত থকা সৰু কাঁড়চিন টোত ক্লিক কৰিব আৰু ক্ষন্তেক পাছতে আপোনাৰ প্ৰশ্নৰ উত্তৰ স্ক্ৰীণত দোখা পাব ।

How to ask Chat GPT - Learn in Assamese
ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

বৰ্তমান সময়ত চাট জিপিটিৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত বহুল ভাবে হ’ব ধৰিছে । চিকিৎচা, শিক্ষা, গৱেষণা, ব্যৱসায়,  কম্পিউটাৰ ছফ্টৱেৰ নিৰ্মান আদি ক্ষেত্ৰ সমূহত চাট জিপিটিয়ে বিশেষ প্ৰভাৱ পেলাইছে । বিশেষকৈ ইয়াৰ নৱতম সংযোজন Chat GPT-4 ব্যৱহাৰ কৰি ৰোগীৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা প্ৰণালী প্ৰস্তুত কৰা, শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগতকৃত শিক্ষণ প্ৰক্ৰিয়া গঢ়ি তোলা, আইনী উদ্যোগতো গৱেষণা আৰু নথিপত্ৰ প্ৰস্তুত কৰা আদি কাম সমূহ সহজে কৰিব পৰা যাব বুলি আশা কৰা হৈছে ।

যিকোনো নতুন প্ৰযুক্তিৰ দৰেই, Chat GPT ৰো সাম্ভাৱ্য অপব্যৱহাৰৰ বিষয়েও বহু লোকে উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা ভুৱা বাতৰি সৃষ্টি হ’ব পাৰে বা প্ৰচলিত শিক্ষণ ব্যৱস্থাত আউল লগাব পাৰে, শিক্ষৰ্থী সকলে ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। অৱশ্যে, OpenAI এ এই উদ্বেগসমূহ সমাধানৰ বাবে আৰু ক্ষতিকাৰক ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে বুলিজানিব পৰা গৈছে ।

Chat GPT ৰ ব্যৱহাৰ ক্ষেত্ৰত আমি ব্যৱহাৰকাৰীসকলেও দায়িত্বশীলতাৰে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে এই কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পন্ন প্ৰ’গ্ৰামৰ দ্বাৰা সমাজৰ বিকাশৰ বাবে বৰঙনি যোগাব পৰা যাব । অবশ্যে ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ ব্যৱহাৰৰ পৰা আঁতৰি থকাই ভাল । কাৰণ এনে মাধ্যমৰ পৰা সহজে আহৰণ কৰা শিক্ষাতকৈ অধ্যয়ন কৰি লাভ কৰা শিক্ষা হাজাৰগুণে শ্ৰেষ্ঠ, যি শিক্ষাই তেওঁলোকক জীৱনত অধ্যৱসায়ী আৰু সফল হোৱাত সহায় কৰিব ।

Finger PointingGood News: এতিয়া এই ৱেবচাইটতে Pragya AI Assistant (প্ৰজ্ঞা) নামেৰে এটা পৃষ্ঠা সংযোগ কৰা হৈছে যি Chat GPT ৰ দৰেই কাম কৰে । এই Pragya AI Assistant অক যিকোনো প্ৰশ্ন সুধি আপুনি উত্তৰ লাভ কৰিব পাৰে ।

Click Here Access Pragya AI

সামৰণিঃ

সামৰণিত ক’ব পাৰি যে চাট জিপিটি (Chat GPT) হৈছে এটা অতি উন্নতমানৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পন্ন মাধ্যম যিয়ে বিভিন্ন ক্ষেত্ৰত মানুহ আৰু যন্ত্ৰৰ মাজত যোগাযোগ ব্যৱস্থাক সুগম কৰি অন্য এক মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰাকৃতিক ভাষাৰ দৰে সঁহাৰি সৃষ্টি কৰিব পৰা ক্ষমতাই ইয়াক গ্ৰাহক সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, আৰু অন্যান্য ক্ষেত্ৰত এক মূল্যৱান আহিলা কৰি তুলিব। ইয়াৰ সম্ভাৱ্য অপব্যৱহাৰক লৈ উদ্বেগ থাকিলেও এই প্ৰযুক্তি দায়িত্বশীল আৰু নৈতিকভাৱে ব্যৱহাৰ কৰাটো আমাৰ দ্বায়িত্ব ।

চাট জিপিটি কি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখা এই লেখাটো পঢ়ি ভাল পালে share কৰিবলৈ নেপাহৰিব । শেষত, অজানিতে হৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি  লেখাটো সমাপ্ত কৰিলোঁ ।।

This post was first published on March 2023.

Related Topics

Ratings:

0 / 5 5 5

2 thoughts on “ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব”

Leave a Comment

 

Share to: