বিশ্বৰ ছন্দে ছন্দে – ৰাভা সংগীত Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: বিশ্বৰ ছন্দে ছন্দে

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা…
নাচা তমোহৰ দেউ নাচা 

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা
নাচা তমোহৰ দেউ নাচা ।

বন্দে… বন্দে আজি সৱ ভকত বৃন্দে, বন্দে…

তব চৰণ কমল বন্দে ।

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা…
নাচা তমোহৰ দেউ নাচা ।

Music…

জ্বলোৱা সাগ্নিক তপো-হোম-বহ্নি, 
বিনাশক এন্ধাৰ তব জয়ী অগ্নি ।

জ্বলোৱা সাগ্নিক তপো-হোম-বহ্নি, 
বিনাশক এন্ধাৰ তব জয়ী অগ্নি ।

বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ

আলোকৰে শিখা উঠক নাচি

অজ্ঞান এন্ধাৰ বিনাশি, 

অজ্ঞান এন্ধাৰ বিনাশি পুলকানন্দে…

বন্দে আজি সৱ ভকত বৃন্দে, বন্দে…

তব চৰণ কমল বন্দে ।

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা…
নাচা তমোহৰ দেউ নাচা ।

Music…

নাচোনৰ তালে তালে পুষ্পিত বননি, 
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি ।

নাচোনৰ তালে তালে পুষ্পিত বননি,
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি ।

আমোল মোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে ।

আমোল মোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে ।

বন্দে আজি সৱ ভকত বৃন্দে, বন্দে…
তব চৰণ কমল বন্দে ।

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা…
নাচা তমোহৰ দেউ নাচা ।

বন্দে… বন্দে আজি সৱ ভকত বৃন্দে, বন্দে…
তব চৰণ কমল বন্দে ।

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা…
নাচা তমোহৰ দেউ নাচা ।
নাচা তমোহৰ দেউ নাচা ।
নাচা তমোহৰ দেউ নাচা ।।

[xyz-ihs snippet=”KDas-inArticle-in-post”]

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

মোৰ জীৱনৰ আকাশতে

বিলতে হালিছে ধুনীয়া পদুমী

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি

ৰৈ ৰৈ কেতেকী বিনা অ’


Rabha Sangeet Bishwar Chande Chande lyrics:

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese (Assamese song lyrics)

Ratings:

0 / 5 5 12

Related Songs

ৰাভা সংগীত বিশ্বৰ ছন্দে ছন্দে Lyrics
বিশ্বৰ ছন্দে ছন্দে ৰাভা সংগীত Lyrics

Leave a Comment

 

Share to: