গীত: আজি মন্দিৰ দুৱাৰ খোলা
গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰেণীঃ ৰাভা সংগীত
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা,
মন্দিৰ দুৱাৰ খোলা
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা ।
Music…
শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ
শুনো মংগল আৰতি গান, নাচি উঠে ভকতৰে প্ৰাণ
অ’ তোৰ হ’ল যে পূজাৰে বেলা, অ’ তোৰ হ’ল যে পূজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা ।
Music…
স্বাগত নৱাগত অতিথি, স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি, হিয়াত ফুলাম আসন থৈছোঁ পাতি
স্বাগত নৱাগত অতিথি, হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি, পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তল সৰা তুলি ফুল মনোহৰা
গাঁথিলো উলাহে মালা,
অ’ তোৰ হ’ল যে পূজাৰে বেলা, অ’ তোৰ হ’ল যে পূজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা
বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা
মন্দিৰ দুৱাৰ খোলা ।
আজি মন্দিৰ দুৱাৰ খোলা
মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা ।।
অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ
আজি মন্দিৰ দুৱাৰ খোলা
Aji Mondiro Duar Khula:
Song Name- Aji Mondiro Duar Khula
Lyrics- Kolaguru Bishnu Prasad Rabha
Category- Rabha Sangeet
Song Language- Assamese
Ratings:
Related Songs
