নাহৰ ফুলে নুশুৱাই ৰাভা সংগীত Lyrics (Nahor Phule Nuxuwai)

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: নাহৰ ফুলে নুশুৱাই

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব ।

নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব ।

নাহৰ ফুলে নুশুৱাই…

Music…

কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ

হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ ।

কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ

হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ ।

নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব ।

নাহৰ ফুলে নুশুৱাই…

Music…

মহাসাগৰ সিঁচি আনিম, সাত মাণিকৰে ধন

মেঘৰ বুকু ফালি চিঙিম, বিজুলী ফুল শুৱণ ।

Music…

মহাসাগৰ সিঁচি আনিম, সাত মাণিকৰে ধন

মেঘৰ বুকু ফালি চিঙিম, বিজুলী ফুল শুৱণ ।

মাণিক ফুলে নুশুৱাই, যদি সাতসৰীতে মোৰ

হিয়া ফালি পিন্ধাম, তেজাল পোৱালমণি মোৰ ।

মাণিক ফুলে নুশুৱায়, যদি সাতসৰীতে মোৰ

হিয়া ফালি পিন্ধাম, তেজাল পোৱালমণি মোৰ ।

নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব

নাহৰ ফুলে নুশুৱাই…

[xyz-ihs snippet=”KDas-inArticle-in-post”]

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

জয়া নাই

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

Nahor Phule Nuxuwai Rabha Sangeet Lyrics:

Song Name- Nahor Phule Nuxuwai

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 4

Related Lyrics

Nahor Phule Nuxuwai Lyrics
ৰাভা সংগীত নাহৰ ফুলে নুশুৱাই

Leave a Comment

 

Share to: