প্ৰতিধ্বনি শুনো মই ভূপেন্দ্ৰ সংগীত Lyrics-Pratidhwani Hunu Moi

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: প্ৰতিধ্বনি শুনো মই

গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

শ্ৰেণী : ভূপেন্দ্ৰ সংগীত

প্ৰতিধ্বনি শুনো মই Pratidhwani Hunu Moi Lyrics

[ai_playlist id=”7260″]

Pratidhwani Hunu Moi Lyrics:

প্ৰতিধ্বনি শুনো মই
প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞৰ টিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো ।

কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ
চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ
চকু মুদি ভাবো মই ধৰিব নোৱাৰোঁ
হেজাৰ পাহাৰ মই বগাব নেজানো
নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো ।

হ’ব পাৰে কোনো গাভৰুৰ
শোক ভৰা কথা
হ’ব পাৰে কোনো আইতাৰ
নিশাৰ সাধু কথা
হ’ব পাৰে কোনো ৰংমনৰ
কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নেজানো
নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো ।

শেষ হ’ল কোনো গাভৰুৰ
শোক ভৰা কথা
শেষ হ’ল কোনো আইতাৰ
নিশাৰ সাধু কথা
শেষ হ’ল কোনো ৰংমনৰ
কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নাজানো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো ।

মোৰ ক’লা চুলিত
ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে
চকুৰ আগৰ কুঁৱলিবোৰ
ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে
তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে
মানৱ সাগৰত কোলাহল শুনো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো

মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো ।

প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো…

Download Lyrics

[xyz-ihs snippet=”KDas-inArticle-in-post”]

জনপ্ৰিয় ভূপেন্দ্ৰ সংগীতৰ Lyrics:

বিস্তীৰ্ণ পাৰৰে Lyrics

শীতৰে সেমেকা ৰাতি

অসম আমাৰ ৰূপহী

নতুন নিমাতী নিয়ৰৰে নিশা

বিমূৰ্ত মোৰ নিশাটি যেন

শাৰদী ৰাণী তোমাৰ হেনো নাম

অস্ত আকাশৰে

ক’ত জোৱানৰ মৃত্যু হ’ল

অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি


Pratidhwani Hunu Moi Lyrics:

Related Songs

Leave a Comment

 

Share to: