তোৰে মোৰে আলোকৰে যাত্ৰা (Ture Mure Alukore Jatra) Lyrics

তোৰে মোৰে আলোকৰে যাত্ৰা

Ture Mure Alukore Jatra Lyrics

গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

শ্ৰেণী : জ্যোতি সংগীত

তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ,
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ
স্বাগত স্বাগত সতীৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা ।

Music…

সেউজীয়া জীৱনৰে জাগৃতি ছন্দ

সেউজীয়া জীৱনৰে জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে
প্ৰচাৰিত অৰুণবাণী ।

আগ বাঢ়ে আগ বাঢ়ে
যুগাগ্ৰগামী তৰুণ সেনানী
আগ বাঢ়ে আগ বাঢ়ে
যুগাগ্ৰগামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান
মুখৰিত দিশে দিশে অগনি গান
তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ

স্বাগত স্বাগত সতীৰ্থ
স্বাগত স্বাগত সতীৰ্থ
স্বাগত স্বাগত সতীৰ্থ ।।

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

Ture Mure Alukore Jatra Lyrics

Category: Jyoti Sangeet

Composer: Jyoti Prasad Agarwala

Language: Assamese

তোৰে মোৰে আলোকৰে যাত্ৰা Ture Mure Alukore Jatra
তোৰে মোৰে আলোকৰে যাত্ৰা Lyrics

Leave a Comment

 

Share to: