লুইতৰ আকাশত তৰাৰ তৰাৱলী
Lyrics of Luitor Akaxot Torar Torawoli
গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা
শ্ৰেণী : জ্যোতি সংগীত
লুইতৰ আকাশত তৰাৰ তৰাৱলী
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ
পাৰত দীপাৱলী তেজৰে মোৰ
আই নাকান্দিবি…
আই নাকান্দিবি
থাপনাত তেজেৰে বন্তি দিছেহি
সন্তানে আজি তোৰ,
পাৰত দীপাৱলী তেজৰে মোৰ ।
লুইতৰ আকাশত তৰাৰ তৰাৱলী ।।
Music…
লাচিতৰ দিনৰে জলা জুয়েকুৰা
আই অ’ নুমুৱা নাই
লাচিতৰ দিনৰে জলা জুয়েকুৰা
আই অ’ নুমুৱা নাই,
নতুন তেজেৰে শলিতা জলিছে
উজলিছে ভমকাই ।
আই অ’ নুমুৱা নাই
চকুলো বোৱাই জুই নুনুমাবি
গুচক তমসা ঘোৰ
গুচক তমসা ঘোৰ
Music…
লুইতৰ আকাশত তৰাৰ তৰাৱলী
লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ ।।
পাৰত দীপাৱলী তেজৰে মোৰ
আই নাকান্দিবি আই নাকান্দিবি
থাপনাত তেজেৰে
বন্তি দিছেহি
সন্তানে আজি তোৰ ।
পাৰত দীপাৱলী তেজৰে মোৰ
পাৰত দীপাৱলী তেজৰে মোৰ ।।
অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ
- গছে গছে পাতি দিলে
- সেউজী সেউজী
- আমাৰে সখিয়া
- অ’ শ্যাম কানু
- পৰজনমৰ শুভ লগনত
- নাহৰ ফুলে নুশুৱাই
- যাউতিযুগীয়া
- সেউজীয়া, সেউজীয়া
- তোৰে মোৰে আলোকৰে যাত্ৰা
Luitor Akaxot Torar Torawoli Lyrics
Category: Jyoti Sangeet
Composer: Jyoti Prasad Agarwala