এয়ে মোৰ শেষ গান ৰাভা সংগীত – Aiye Mor Hekh Gaan Lyrics

গীত: এয়ে মোৰ শেষ গান

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

Rabha Sangeet Aiye Mor Hekh Gaan Lyrics

 

এয়ে মোৰ শেষ গান
জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান

এয়ে মোৰ শেষ গান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ।

Music…

পাতনিতে বালোঁ ধেমালি নান্দী
ভঙ্গী সূত্ৰধাৰ,
হাঁহি বিননিৰে ভাও দিলোঁ নানা
বোৱালোঁ অশ্ৰু ধাৰ
নৱ-নৱ ৰসে বালোঁ ভাওনাও
নৱ-নৱ ৰসে বালোঁ ভাওনাও
আশাৰ নিৰাশাৰ

আজি হ’ব মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ।

Music…

নীল আকাশত পুৱঁতি তৰা
ঢিমিকি ঢিমিকি জ্বলে
সিও যাব নুমি একে নিশাহতে
বেলিৰ পোহৰ পালে

ঠগীৰ লগৰে বন্তিৰ শিখা
নুমো নুমোকই নাচে
খৰমান তালৰ কল্যাণ ৰাগৰ ছেৱে
অপৰূপ ঠাচে ।

Short Music…

দোষে গুণে হ’ল ভাৱনাৰ শেষ
পুঁৱতী তৰাও নুমে
বাঁহৰ আগেদি ঊষাৰ বেলিয়ে
ৰঙা মুখ তুলি জুমে
শিখাৰ লগৰী বিদায় ৰাগিনী
ৰাইজৰ পদ চুমে

আজি হ’ল মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান
জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ।।

এয়ে মোৰ শেষ গান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান ।।

00:00

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

মোৰ জীৱনৰ আকাশতে

বিলতে হালিছে ধুনীয়া পদুমী

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি

ৰৈ ৰৈ কেতেকী বিনা অ’


Rabha Sangeet Aiye Mor Hekh Gaan lyrics:

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese (Assamese song lyrics)

Ratings:

0 / 5 5 1

Related Songs

Leave a Comment

 

Share to: