অস্ত আকাশৰে Lyrics – ভূপেন হাজৰিকা (Asto Akaxore)

গীত: অস্ত আকাশৰে

গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

শ্ৰেণী : ভূপেন্দ্ৰ সংগীত

অস্ত আকাশৰে Lyrics:

অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়,
বৈয়ে যায়,
বৈয়ে যায় ।

অস্ত আকাশৰে সপোন ৰহণ সানি ।।

Music…

কোন সুন্দৰৰে শিল্পীয়ে
পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ
দিয়ে ছটিয়ায় ।

Music…

দুয়ো পাৰে
কত মানুহ,
কত যে ইতিহাস
কত যুগৰ,
শত আশা-নিশাৰে নিশ্বাস।

লক্ষ্য যদি দিগন্ত
শিল্পী হে’ তোমাৰ
লক্ষ্য যদি দিগন্ত
শিল্পী হে’ তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে
দেখিবা, জীৱনৰে
দিগন্ত অপাৰ ।

বেলি যে যায়,
বেলি যে যায়,
বেলি যে যায় ।।

অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী ।।

অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীতৰ lyrics সমূহঃ

বিস্তীৰ্ণ পাৰৰে Lyrics

মানুহে মানুহৰ বাবে

শীতৰে সেমেকা ৰাতি

অসম আমাৰ ৰূপহী

নতুন নিমাতী নিয়ৰৰে নিশা

বিমূৰ্ত মোৰ নিশাটি যেন

শাৰদী ৰাণী তোমাৰ হেনো নাম

অস্ত আকাশৰে

কত জোৱানৰ মৃত্যু হ’ল

অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:

বহুতকে বহু দিও Lyrics

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি


Asto Akaxore Lyrics (অস্ত আকাশৰে):

Leave a Comment

 

Share to: