অ’ হিলৈ হিলৈয়া
Hiloiyaa Lyrics
কণ্ঠ/সুৰ: ভাস্কৰ অপ্সৱেল
গীতৰ কথা: শোনিত গগৈ
সংগীত: অংকুৰ ডেকা
শ্ৰেণী: অসমীয়া আধুনিক গীত
[xyz-ihs snippet=”KDas-inArticle-abov-title”]
হিলৈয়াৰ লিৰিক্স অসমীয়াত:
মৰম লগা মুখনি
চমক লগা চাৱনি
হাঁহিতিৰে গলি…ই…ছোঁ ( গলিছোঁ )
যৌৱনৰ ভৰ দুপৰত
দেহা কেঁচা মঙহত
লগালিহি পিৰিতিৰ জুই
বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না ।।
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া
শুম বুলি শিতানতে পাৰোঁ এটি গাৰু
টুপনিতকৈ আগত আহি কেলৈ উলাৱ বাৰু,
খাম বুলি জুহালতে পাতোঁ ভাতৰ চৰু
ভুকেই দেখুন নলগা হ’ল মই ক’তে মৰোঁ ।
Music…
তোকে পালে মৰমী, নালাগে মোক ফুলনি,
তইয়েই এপাহ ধুনীয়া ফুল ।
পখিলা হৈ নপৰোঁ, ভোমোৰা হৈ নুচুহোঁ,
নাখাবি ভয় নকৰোঁ মই ভুল ।।
বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না ।
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া…
Music…
চকুৰে আগতে তোৰেহে
তোৰেহে ঐ ভাৱনা,
মনৰে পদুলিত কেনেকৈ
কেনেকৈ দিম জপনা ?
কেতিয়া পিন্ধিবি সোনৰে
সোনৰে ঐ গহনা,
নামৰে পাছতে লিখিবি
লিখিবি মোৰ ঠিকনা ?
বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া ।
Music…
[xyz-ihs snippet=”KDas-responsive-in-post”]
অন্যান্য সংগীতৰ Lyrics:
- যৌৱনা Lyrics
- বহুতকে বহু দিও
- মোৰ ইয়াতো ৰাতি হয়
- লুইতৰ আকাশত তৰাৰ তৰাৱলী
- পৰজনমৰ শুভ লগনত
- নাহৰ ফুলে নুশুৱাই
- অসম আমাৰ ৰূপহী – ভূপেন্দ্ৰ সংগীত
- বিমূৰ্ত মোৰ নিশাটি
Hiloiyaa Lyrics
Read Bhaskar Opswel’s Hiloya song lyrics in Assamese.
Category: Assamese Modern Song
Singer/Composer: Bhaskar Opswel
Language: Assamese