500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

Here are 20 useful electronic gadgets that you can buy under Rs 500 to gift to your loved one.

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায ।

Best Gadgets for Gift Under Rupees 500
Best Gadgets for Gift

কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক আহিলা বা Gadgets উপলব্ধ যিসমূহ বিভিন্ন কামৰ বাবে উপযোগী আৰু প্ৰিয় জনক উপহাৰ হিচাপে দিবলৈও সুবিধাজনক। আজিৰ এই লেখাটোত আপোনালোকৰ সহায় হোৱাকৈ আমি 500 টকাৰে বা তাতকৈ কম পইচাৰে কিনিব পৰা এখন সুন্দৰ Gadgets অৰ তালিকা প্ৰস্তুত কৰিছোঁ যিসমূহ আপুনি অনলাইনত সহজে কিনিব পাৰিব।

500 টকাৰ তলত কিনিব পৰা এই আকৰ্ষণীয় বৈদ্যুতিক গেজেটসমূহ আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক উপহাৰ দিবৰ বাবে অতি সুবিধাজনক ।

500 টকাৰে কিনিব পৰা উপহাৰ:

Best Gadgets for Gift Under Rupees 500:

অনলাইনত শ্ৱপিং চাইট আমাজন বা ফ্লিপকাৰ্টত আপুনি 500 টকাৰ তলত সহজে কিনিব পৰা কিছুমান উপহাৰ নামসমূব তলত আগবঢ়োৱা হ’ল। এই উপহাৰবোৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, খেলুৱৈ, গৃহিণী, প্ৰেমিক-প্ৰেমিকা, পত্নী, বা স্বামীক দিবলৈ অতি উপযুক্ত।

Related: কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

যিকোনো মানুহে এই গেজেটবোৰ উপহাৰ হিচাপে পালে ভাল পাব কাৰণ এই সমূহ বিভিন্ন কামৰ বাবে অতি উপযোগী আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল এইবোৰ অতি সুলভমূল্যত উপলব্ধ। এতিয়া আপোনজনৰ বাবে সুলভ মূল্যৰ উপহাৰ কিনিবলৈ চিন্তা কৰিব নালাগে। কাৰণ আমি প্ৰস্তুত কৰা Electronic Gadgets অৰ এই তালিকা খনৰ সামগ্ৰী সমূহ Amazon.in আৰু Flipkart সহজে উপলব্ধ ।

Smart Water Bottle:

Smart Water Bottle - Best Gadgets for Gift under rupees 500 INR
Best Gadgets for Gift for Rs 500

স্মাৰ্ট ৱাটাৰ বটল: 500 মিলিলিটাৰ জোখৰ এই স্মাৰ্ট ৱাটাৰ বটলটো বিশেষ কাৰোবাক দিবৰ বাবে এক সুন্দৰ উপহাৰ আৰু আপুনি এই প্ৰডাক্টটো আমাজন ইণ্ডিয়াৰ (Amazon.in) পৰা মাত্ৰ 439 টকাত কিনিব পাৰে। ইয়াৰ সাফৰ খনত এখন LED Display আছে, যিয়ে বটলত থকা তৰল পদাৰ্থৰ উষ্ণতা দেখুৱায়। ই তৰল পদাৰ্থক 42 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক তাপমাত্ৰাত 6 ঘণ্টালৈকে গৰম কৰি ৰাখিব পাৰে আৰু 10 ডিগ্ৰী চেলছিয়াছৰ তলত 5 ঘণ্টালৈকে ঠাণ্ডা কৰি ৰাখিব পাৰে।

ইয়াৰ ভিতৰৰ বেৰৰ বাবে 304-grade food-grade stainless steel আৰু বাহিৰৰ কেছৰ বাবে উচ্চমানৰ 204 stainless steel ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ই waterproof  হোৱাৰ উপৰিও পানীত ডুব নাযায়। ইয়াৰ উপৰিও ইয়াত এটা উচ্চ ক্ষমতাসম্পন্ন লিথিয়াম বেটাৰী স্থাপন কৰা হৈছে আৰু ব্যৱহাৰ নকৰাৰ সময়ত LED Display খন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়।

View on Amazon

Multiple Port USB Car Charger:

Best Multiple Port Car Charger to buy Under Rs 500

pTron Bullet Pro 36W PD Quick Charger হৈছে কাৰোবাক উপহাৰ দিয়াৰ বাবে অন্যতম শ্ৰেষ্ঠ গেজেট। এই 3 Port Fast Car Charger অৰ সহায়ত মোবাইলৰ বেটাৰীৰ কথা চিন্তা নকৰাকৈয়ে লং ড্ৰাইভ উপভোগ কৰিব পাৰি। ই এটা গাড়ীৰ চাৰ্জাৰ য’ত একাধিক USB Port সংলগ্ন হৈ থাকে আৰু ই বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট চাৰ্জ দিব পাৰে। অত্যাধিক গাড়ী চলোৱা লোক সকলৰ বাবে ই এক অপৰিহাৰ্য গেজেট। ই একেলগে একাধিক ডিভাইচ চাৰ্জ কৰাটো সহজ কৰি দীঘলীয়া ড্ৰাইভ আৰু ভ্ৰমণ সহজ কৰি তুলিব পাৰে। এমাজনত ইয়াৰ মূল্য মাত্ৰ 349 টকা ।

৫০০ টকাৰে কিনিব পৰা আন এটা ভাল Car Charger হৈছে Dyazo 4.8 Amp Dual Port Fast USB Car Charger, যি প্ৰায় সকলো নতুন স্মাৰ্টফোন চাৰ্জ দিব পাৰে। আপুনি এটা সময়ত 2 টা ডিভাইচ চাৰ্জ কৰিব পাৰে আৰু ইয়াৰ লগত এডাল 3 in1 চাৰ্জিং কেবল আহে। এই ফাষ্ট কাৰ চাৰ্জাৰৰ দাম মাত্ৰ 379 টকা আৰু ই পুৰুষ আৰু মহিলাৰ বাবে 500 টকাৰ তলৰ উপহাৰৰ বাবে অন্যতম নিখুঁত Gadget।

View on Amazon

Emergency Lamp with Torch:

Emergency Lamp with Torch - Best Gifts Under Rupees 500

ইয়াৰ পিছত আমাৰ হাতত আছে WOZIT Kennede Gold Emergency Lamp with Torch- 500 টকাৰ তলত ই এটা উপযোগী আহিলা। এই আহিলাটোৱে টৰ্চ আৰু জৰুৰীকালীন লেম্প দুয়োটা কাম কৰে, যাৰ বাবে ই যিকোনো ঘৰৰ বাবে এক অপৰিহাৰ্য বস্তু। ইয়াৰ 1600mAh বেটাৰীয়ে ৫-৬ ঘণ্টালৈকে লাইট জলাব পাৰে, আনহাতে ইয়াৰ লেম্পে এটা সম্পুৰ্ণ কোঠালি পোহৰাব পাৰে আৰু ইয়াৰ টৰ্চলাইটে অতি উন্নতমানৰ আৰু দীৰ্ঘ দূৰত্বৰ পোহৰ প্ৰদান কৰে।

মাত্ৰ 465 টকাত আমাজনৰ পৰা ক্ৰয় কৰক WOZIT Kennede Gold Emergency Lamp with Torch । ইয়াক টৰ্চ আৰু জৰুৰীকালীন লেম্প দুয়োটা হিচাপে ব্যৱহাৰ কৰিব পাৰি। 500 টকাৰ তলত কিনিব পৰা এই Gadget টো উপহাৰ হিচাপে যিকোনো বয়সৰ ব্যক্তিক দিব পাৰে।

View on Amazon

2-in-1 Rechargeable Bicycle Light and Horn:

2-in-1 Rechargeable Light and Horn for Bicycle

এই ultra-bright হেডলাইটে আপোনাক আন্ধাৰত চাইকেল চলোৱাৰ সময়ত পোহৰৰ চাহিদা পূৰণ কৰি আপোনাক সুৰক্ষিত কৰি ৰাখে। 250 লুমেন পাৱাৰৰ এই লাইটৰ পোহৰত আপুনি আন্ধাৰত আত্মবিশ্বাসেৰে চাইকেল চলাব পাৰিব। ইয়াৰ উপৰিও ইয়াত আছে 140dB হৰ্ণৰ সৈতে বিল্ট-ইন স্পীকাৰ, পাঁচটা সুকীয়া শব্দৰ বাবে এটা চুইচ, আৰু 1200mAh অৰ লিথিয়াম পলিমাৰ বেটাৰী যিটো USB ৰ জৰিয়তে সহজে মাত্ৰ তিনি ঘণ্টা সময়তে ৰিচাৰ্জ কৰিব পাৰি।

এই লাইটটো বেছিভাগ হেণ্ডেলবাৰত ফিট হয়। ৰাতিৰ ভ্ৰমণ, কেম্পিং, মাছ ধৰা, অন্বেষণ আদিৰ বাবে ই অতি উপযুক্ত, এই পোহৰ ঘৰৰ ভিতৰত আৰু বাহিৰৰ ব্যৱহাৰৰ বাবেও উপযোগী। শিশু, ভ্ৰমণকাৰী, আৰু চাইকেল চলাই ভালপোৱা লোকৰ বাবে মাত্ৰ 500 টকাত কিনিব পৰা এইটো আন এটা শ্ৰেষ্ঠ উপহাৰ।

View on Amazon

Flexible USB LED Desk Light:

Best Gifts under Rs 500 - Flexible USB LED Desk Light

এই পাতল, আধুনিক USB LED Desk Light টো এটা সৰু, আকৰ্ষণীয়, আৰু ব্যৱহাৰ কৰিবলৈ অতি সহজ আহিলা। ইয়াত 14টা শক্তিশালী এল ই ডি বাল্ব আছে যিয়ে উজ্জ্বল বগা পোহৰ প্ৰদান কৰে আৰু ই প্ৰায় 1০ হাজাৰ ঘণ্টালৈকে চলিব পাৰে। USB LED Desk Light টো যিকোনো দিশত ঘূৰাই লব পাৰি । ইয়াক অতি কম পাৱাৰতে চলাব পাৰি ।

কেৱল 40mA বা তাতকৈ কম শক্তিতে চলে। লেপটপ, টেবলেট, কম্পিউটাৰ বা আন এনে ধৰণৰ ডিভাইচৰ USB Port অত সংলগ্ন কৰি ইয়াক চলাব পাৰি বাবে এই মিনি এল ই ডি লাইটো যিকোনো কামৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ সুবিধাজনক। আপোন জনক দিবলৈ 500 টকাৰ তলৰ উপহাৰৰ বাবে ই আন এক উত্তম উদাহৰণ ।

View on Amazon

Portable Bluetooth Speaker:

Zebronics County Portable Bluetooth

যদি আপুনি এজন গাণ শুনি ভালপোৱা লোকৰ বাবে 500 টকাৰ ভিতৰত উপহাৰ কিনিব বিচাৰে তেন্তে এই ৰিচাৰ্জেবল পৰ্টেবল মিউজিক প্লেয়াৰটো (rechargeable portable music player) নিশ্চিতভাৱে অন্যতম শ্ৰেষ্ঠ gadget। Zebronics County Portable Bluetooth speaker মাত্ৰ 499 টকাত উপলব্ধ। ইয়াত বহুতো বৈশিষ্ট্য আছে, যেনে Bluetooth, FM radio, aux mode, micro SD support, a USB port আৰু ১০ ঘণ্টাৰ বেটাৰী সেৱা ইত্যাদি।

লগতে ইয়াত Bluetooth, USB, micro SD, and AUX, call function আছে আৰু এফএম ৰেডিঅ’ৰ সৈতে সংযোগৰ সুবিধাএ আছে। ইয়াত সন্নিবিষ্ট 4Ω পাৱাৰৰ স্পীকাৰে 120Hz-15kHz ফ্ৰিকুৱেন্সি প্ৰদান কৰে । ইয়াৰ ১ বছৰৰ ৱাৰেণ্টী আছে। Amazon India ৰ পৰা এই সামগ্ৰী ক্ৰয় কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক।

View on Amazon

Wireless Headphones:

pTron Bluetooth 5.2 Wireless In-Ear Headphones

pTron Tangent Duo Bluetooth 5.2 Wireless In-Ear Headphones মাত্ৰ 499 টকাত কিনিব পৰা এটা অতি উত্তম gadget । HD Calls, deep bass, fast charging Type-C neckband, dual pairing, voice assistant, IPX4 water resistance আদি বৈশিষ্ট্যযুক্ত এই হেডফোনডাল ঘৰৰ ভিতৰত আৰু বাহিৰৰ কাৰ্য্যকলাপৰ বাবে অতি সুবিধাজনক।

এটা চাৰ্জত আপুনি ২৪ ঘণ্টা পৰ্যন্ত গান শুনিব পাৰে আৰু মাত্ৰ ১০ মিনিট চাৰ্জে দিয়েই আপুনি ৩ ঘণ্টা গান শুনিব পাৰে । ইয়াৰ উপৰিও ই অতি পাতল আৰু চকুত লগা ডিজাইনৰ সৈতে এই হেডফোনসমূহত ১০ মিটাৰলৈকে সংযোগৰ বাবে Bluetooth 5.2 সংযোগ কৰা থাকে লগতে in-line music, call control, এটা rechargeable 200mAh battery ইয়াত সংযোগ কৰা হৈছে ।

500 টকাৰ তলৰ এই গেজেটটো কিনি আপোনাৰ ভালপোৱা কাৰোবাক উপহাৰ দিলে আৰু তেওঁ নিশ্চয় উপহাৰটো ভাল পাব।

View on Amazon

Gadgets and Accessories Organizer Bag:

Accessories Organizer Bag online

যি সকল লোকে ভ্ৰমণ কৰি ভাল পায় আৰু লগত বিভিন্ন ধৰণৰ Gadgets কঢ়িয়াই নিবলগীয়া হয় সেইসকলৰ বাবে এই ইলেক্ট্ৰনিক Gadgets and Accessories Organizer Bag টো অতি আৱশ্যকীয় আৰু সুবিধা জনক। ই আপোনাৰ টেবলেট, পাৱাৰ বেংক, চাৰ্জাৰ, কেবল, লেপটপ এডাপ্টাৰ আদি সহজেই ইয়াত নিখুঁতভাৱে সজাই ৰাখিব পাৰি। ই শ্বকপ্ৰুফ, ৱাটাৰপ্ৰুফ, আৰু কঢ়িয়াই নিয়াত অতি সহজ – যাৰ ফলত ই ভ্ৰমণ ভাল পোৱা যিকোনো ব্যক্তিৰ বাবে এক উত্তম উপহাৰ আৰু এইটা 500 টকাৰ ভিতৰতে কিনিব পাৰি ।

View on Amazon

LCD Writing Tablet:

LCD Writing Tablet শিশুৰ বাবে উপহাৰ

BESTOR 10 Inch LCD Writing Tablet শিশু সকলৰ বাবে অন্যতম শ্ৰেষ্ঠ উপহাৰ । শিশুৰ উপৰিও ইয়াক সকলো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰে। আমাজনত 500 টকাৰ ভিতৰত কিনিব পৰা এই গেজেটটো যিকোনো শিশুৰ বাবে নিখুঁত উপহাৰ। এই ডিভাইচৰ সহায়ত শিশুসকলে দ্ৰুতভাৱে আখৰ লিখিব পাৰে, ছবি আঁকিব পাৰে আৰু সহজে মচি পেলাব পাৰে, যাৰ ফলত ই শিশু সকলৰ শিক্ষাৰ বাবেও ই এক উত্তম আহিলা। অতি কম মূল্যতে কিনিব পৰা এই Gadget টো চেমনীয়া শিশুৰ বাবে জন্মদিনৰ আদৰ্শ উপহাৰ।

View on Amazon

Portable Digital Weighing Scale:

Bulfyss Electronic Weighing Scale

হাতৰ মুঠিতে লুকুৱাব পৰা এই ডিজিটেল ওজন মেছিনটো যিকোনো ঘৰৰ বাবে অপৰিহাৰ্য! ই সহজেই ৫০ কিলোগ্ৰাম পৰ্যন্ত ওজন জোখিব পাৰে আৰু ইয়াৰ এল ই ডি স্ক্ৰীণত সঠিকভৱে ওজনৰ পৰিমানটো প্ৰদৰ্শন কৰে। ভ্ৰমণৰ আগতে নিজৰ বেগ সঠিকভাৱে ওজন কৰিব বিচৰা ভ্ৰমণকাৰীৰ বাবে, বা ঘৰুৱা ব্যৱসায় থকা উদ্যোগীসকলৰ বাবে একেবাৰে উপযুক্ত । Bulfyss Electronic অৰ এই 50Kgs ওজন সামৰ্থৰ ডিজিটেল তুলাচনী ডাল Amazon আৰু Flipkart অত কিনিব পাৰিব মাত্ৰ 499 টকাৰে ।

ইয়াত সহজে কঢ়িয়াই নিব আৰু ওজন কৰিব পৰাকৈ ব্যৱহাৰিক ষ্টেইনলেছ ষ্টীলৰ হেণ্ডেল, আৰু গধুৰ বস্তুৰ বাবে ষ্টেইনলেছ ষ্টীলৰ ধাতুৰ হুক আছে। লগতে ইয়াৰ LED Screen ত আন্ধাৰটো বস্তুৰ ওজন চাব পাৰে । এই তুলাচনী ডালত অধিকতম 50 কেজি আৰু নুন্যতম 10 গ্ৰাম ওজনৰ বস্তু জুখিব পাৰে ।

View on Amazon

Remote Shutter Button for Selfie

Remote Shutter Button for Selfie

স্মাৰ্টফোন ফটোগ্ৰাফী আৰু চেলফি ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে আৰু এই চেলফি ফটো তোলাত সহজ কৰি তুলিছে Remote Shutter Button for Selfie নামৰ সৰু এই গেজেটৱে। Bluetooth Remote Shutte হৈছে এনে এটা ডিভাইচ যিয়ে আপোনাক আপোনাৰ iOS বা Android স্মাৰ্টফোন বা টেবলেটৰ সহায়ত সুন্দৰ চেলফি আৰু গ্ৰুপ ফটো তুলিবলৈ সহায় কৰে।

এতিয়া হাত মেলি মেলি চেলফি তোলাৰ বাবে কষ্ট কৰিব নালাগে । এই সৰু গেজেটটো ফোনৰ স্ক্ৰীণ বা চুইচ স্পৰ্শ নকৰাকৈ চেলফি লোৱাৰ এক উত্তম আহিলা। ইয়াক ব্যৱহাৰ কৰাটো সহজ আৰু আপুনি নিজে ধৰি ৰখাৰ পৰিৱৰ্তে ষ্টেণ্ড বা ট্ৰাইপড ব্যৱহাৰ কৰি আপোনাৰ ফোনটো ধৰি ৰাখিব পাৰে।

ইয়াক ছেট আপ কৰাটো আৰু চেলফি লোৱাটো অতি সহজ । ইয়াক অন কৰিবলৈ পাৱাৰ বুটামটো টিপিলেই ইয়াৰ LED লাইটটো জ্বলিব আৰু তাৰ পিছত Bluetooth pairing চুইচটো টিপি আপোনাৰ মোবাইল ফোনটোৰ সৈতে match বা পেয়াৰিং (pairing) কৰাব লাগিব । পেয়াৰিং সফল হলে LED টো নুমাই যাব। মাত্ৰ আপোনাৰ ফোন বা টেবলেটটো  Bluetooth Remote Shutte ৰৰ সৈতে সংযোগ কৰক আৰু নিখুঁত ছবিখন তোলক সহজতে ।

এই জনপ্ৰিয় সৰু ডিভাইচটোৰ দাম মাত্ৰ 250 টকা । চেলফি প্ৰেমীসকলে এই উপহাৰটো নিশ্চিতভাৱে ভাল পাব।

View on Amazon

Power Engraving Pen

Power Engraving Pen

নিজৰ অনন্য ডিজাইন আৰু খোদিত শিল্পকলা তৈয়াৰ কৰাটো Engraving Pen (খোদিত কলম) অৰ অবিহনে কেতিয়াও সহজ হোৱা নাছিল। এই Engraving Pen টোৰ সহায়ত আপুনি কাঁচ, কাঠ, ধাতু বা আনকি গহনা, বাছন আদিত সহজে নাম, চিত্ৰ,নম্বৰ আদি খোদিত কৰিব পাৰে ।

এই কলমটোৰ ব্যৱহাৰ অতি সহজ, ইয়াক ব্যৱহাৰ কৰিবলৈ কেৱল পেঞ্চিলৰ দৰে কলমটো ধৰিব লাগে আৰু অনায়াসে খোদিত কৰাৰ বাবে বুটামটো টিপিব লাগে। যেতিয়া আপুনি ৰ’ব তেতিয়া বুটামটো এৰি দিলেই হল । যাৰ সহায়ত আপুনি আপোনাৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব পাৰে আৰু যিকোনো সামগ্ৰী সহজেই সজাব পাৰে।

ই সাধাৰণ সামগ্ৰী যেনে কাঁচ, কাঠ, ধাতু বা আনকি গহনাকো এক মাৰ্জিত আৰু অনন্য বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰে বা ব্যক্তিগতকৃত উপহাৰ, ট্ৰফী আদিত স্থায়ীকৈ স্মৃতি সংৰক্ষণ কৰিব পাৰে । এই Power Engraving Pen টো চলাবলৈ দুটা পেঞ্চিল বেটাৰীৰ প্ৰয়োজন । FreshDcart Power Engraving Pen ৰ মূল্য 249 টকা মাত্ৰ ।

View on Amazon

Electric Toothbrush:

Oral B Cross Action Battery Powered Toothbrush আকৰ্ষণীয় Gadgets অৰ উপহাৰ

বৈদ্যুতিক দাঁত ব্ৰাছৰ (Toothbrush) বিষয়ে শুনিছেনে । Oral B Cross Action Electric Toothbrush হৈছে বেটাৰী চালিত এনে এডাল বৈদ্যুতিক দাঁত ব্ৰাছ যিদালে দাঁত পৰিষ্কাৰ কৰাৰ অন্য এক অভিজ্ঞতা প্ৰদান কৰে। এই ব্ৰাছডালৰ এটা মূৰে এটা সৰু মটৰ লগোৱা থাকে যাৰ ওপৰত স্থাপিত ঘূৰ্ণনশীল ব্ৰাছলে আপোনাৰ দাঁতত জমাহোৱা সকলো ফালৰ মলি (plaque) বোৰ আঁতৰাই আনে । শক্তিশালী crisscross bristle বোৰে দাঁতৰ গভীৰতালৈ সোমাই যায় আৰু ক্ষতিগ্ৰস্ত দাঁতৰ পৰাও plaque আঁতৰাই পেলায়।

আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ ই অন্যতম উপযোগী সঁজুলি। Amazon অত 499 টকাত এই গেজেট বিধ উপলব্ধ ।

View on Amazon

OTG Pen Drive

Best OTG Pendrive Under 500

OTG পেন ড্ৰাইভ হৈছে এটা বিশেষ ধৰণৰ USB storage ডিভাইচ যিটো কম্পিউটাৰৰ USB পৰ্ট (USB Type A) আৰু স্মাৰ্টফোন, টেবলেট আদিৰ Micro USB Type-B পৰ্টৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই OTG পেন ড্ৰাইভসমূহৰ এটা ফালে USB Type A আৰু আনটোফালে  Micro USB Type-B পিন থাকে। গতিকে, এই OTG Pen Drive টো কম্পিউটাৰ আৰু মবাইল ফোন দুয়োটাতে সংযোগ কৰিব পাৰি । SanDisk Ultra Dual 64GB USB 3.0 এনে OTG পেন ড্ৰাইভৰ উদাহৰণ ।

এই 64GB হাই-স্পীড OTG পেন ড্ৰাইভটো Micro USB Type ‘B’ Port যুক্ত এণ্ড্ৰইড স্মাৰ্টফোন, টেবলেট আৰু ডেস্কটপ, লেপটপত সংযোগ কৰিব পাৰি । এই গেজেটটো কেৱল 529 টকাতে কিনিব পাৰিব।

View on Amazon

PRO365 Tummy Trimmer

Tummy Trimmer

আপুনি যদি কাৰোবাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি কম দামত ভাল উপহাৰ এটা দিয়াৰ কথা ভাবিছে, তেন্তে 500 টকাৰ ভিতৰতে কিনিব পৰা এই Tummy Trimmer এটা উৎকৃষ্ট আহিলা বা গেজেট । এই ডাবল স্প্ৰিং টামি ট্ৰিমাৰটো উচ্চমানৰ প্লাষ্টিক আৰু স্প্ৰিং ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। এইটো এইটো পাতল আৰু পৰ্টেবল হোৱাৰ বাবে ব্যৱহাৰ আৰু সংৰক্ষণ কৰাত সহজ।

টামি ট্ৰিমাৰ ব্যৱহাৰ কৰি পেটৰ চৰ্বি কমোৱাৰ কৰা এক উত্তম উপায়। পেটৰ ব্যায়ামৰ উপৰিও দেহৰ কেইবাটাও অংগৰ ব্যায়ামৰ বাবে এই Tummy Trimmer অতি উপযোগী । 500 টকাৰে কিনিব পৰা PRO365 Tummy Trimmer অন্যতম উপযোগী গেজেট ।

View on Amazon

Related Articles

Leave a Comment

 

Share to: