সেউজীয়া (জ্যোতি সংগীত) Xeujia Lyrics

সেউজীয়া সেউজীয়া

Xeujia Xeujia (Seujia Seujia) Lyrics

গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

শ্ৰেণী : জ্যোতি সংগীত

সেউজীয়া, সেউজীয়া…

সেউজীয়া, সেউজীয়া…

লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,

লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,

সেউজী গছতে সোণৰ গুটি লাগে
হীৰাফুলে মাৰে পোহৰ ছাটি,
সেউজী গছতে সোণৰ গুটি,

সেউজীয়া, সেউজীয়া…

Music…

ভাটি দেশৰে কুলী ছোৱালী অ’…
ভাটি দেশৰে কুলী ছোৱালী অ’…

টুকুৰিত ভৰাবি কোমল পাতে,
ভাগৰি জিৰাবি শিৰিশৰ ছাঁতে
আঙুলি বুলাবি পাতে পাতে,
খৰকৈ বুলাবি অ’…

সেউজীয়া… সেউজীয়া…

Music…

লাখো লাখ টকাৰে মোকে নাতে
খৰকৈ আঙুলি পাতে পাতে,
লাখো লাখ টকাৰে মোকে নাতে
খৰকৈ আঙুলি পাতে পাতে 

চাহৰে বাগিচা নহয় মোৰ দেউতা ,
ৰূপৰে বাগিচা আছে ফুলি,
সেউজী গছতে সোণৰ গুটি,

সেউজীয়া… সেউজীয়া…

লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,

লানীকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি,

সেউজী গছতে সোণৰ গুটি লাগে
হীৰাফুলে মাৰে পোহৰ ছাটি,

সেউজী গছতে সোণৰ গুটি,
সেউজীয়া, সেউজীয়া…

অন্যান্য জনপ্ৰিয় জ্যোতিসংগীত সমূহঃ

Leave a Comment

 

Share to: