বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয় আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে ।
মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি মাটি ডৰাৰ সঠিক দৰ-দাম নাপাব পাৰোঁ বা কিনাৰ সময়তো অধিক ধন ভৰিব লগীয়া হয়। আৰু এই জোখ-মাখ খিনি কলমেৰে লিখি কৰিবলৈ কিছু জতিল আৰু কেতিয়াবা 1 লেচা, আধা লেচা বা 1/4 লেচা আদি সৰু সৰু পৰিমান সমূহ সঠিককৈ ওলিৱাৰ ক্ষেত্ৰত জতিলতা আহে । আনহাতে বৰ্গ বা আয়তাকাৰ মাটি জুখিবলৈ সহজ যদিও চাৰিওদিশ অসমান মাটিৰ জোখত প্ৰায়ে খেলিমেলি হোৱা দেখা যায় । এই জতিলতা আৰু অসুবিধা সমূহ দুৰ কৰি যিকোনো আকাৰৰ মাটিৰ হিচাপ তৎক্ষনাত ওলিয়াবলৈ বনোৱা হৈছে BhuMiti (ভূমিতি) – Land Calculator App.
BhuMiti (ভূমিতি) এপ ব্যৱহাৰৰ বাবে ইয়াত ক্লিক কৰক
মোবাইল, টেবলেট, লেপটপ, ডেক্সটপ কম্পিউটাৰ আদি সকলোতে সহজে মাটিৰ পৰিসৰ বা ক্ষেত্ৰফল নিৰ্ণয় কৰিব এই BhuMiti (ভূমিতি) এপটোৱে অতি ক্ষিপ্ৰতাৰে আৰু সঠিককৈ উত্তৰ দিব পাৰে । সেয়া লাগিলে আয়তাকাৰ ক্ষেত্ৰই (Rectangular Field) হওক বা বৰ্গাকাৰ ক্ষেত্ৰই হওক, বৃত্তাকাৰ (Circular field) পথাৰেই হওক বা ত্ৰিভূজ (Triangle) আকাৰৰ মাটিয়েই হওক, পৰিসীমাটো নল বা ফিটাৰে জুখিলৈ এপটোৰ যথা স্থানত সেই পৰিমান সমূহ ভৰাই দিয়াৰ লগে লগে মাটি ডৰাৰ ক্ষেত্ৰফল বিঘা, কঠা বা লেচাত ওলাই পৰিব । এই ভূমিতি এপটোৰ প্ৰধান বৈশিষ্ট হ’ল, ইয়াক অসমত ব্য়ৱহৃত অসমীয়া মাটিৰ জোখৰ একক সমুহ support কৰাকৈ নিৰ্মাণ কৰি তোলা হৈছে ।
BhuMiti (ভূমিতি): Land Measurement in Assamese Traditional Units.
আমাৰ পৰম্পৰাগত কেলকুলেটৰ এপ (Calculator App) বা কেলকুলেটৰ যন্ত্ৰ সমূহত কিছু পৰিমানে মাটিৰ হিচাপ কৰিব পৰা যায় যদিও ইয়াত মাত্ৰ Foot, Meter, Centimeter, Inch আদি এককতহে জোখবোৰ ভৰাব পাৰি আৰু ঠিক তেনেদৰেই Square Feet, Square Meter আদিত উত্তৰবোৰ পদৰ্শিত হয় । BhuMiti (ভূমিতি) Land Measurement App টোৰ জৰিয়তে এই অসুবিধা সমূহ দূৰ কৰি অসমীয়া পৰম্পৰাগত মাটি জোখাৰ একক সমূহ যেনে নল (Nal), বিঘা (Bigha), কঠা (Katha), লেচা (Lecha) ব্যৱহাৰ কৰি মাটিৰ কালি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে । এই পৰম্পৰাগত একক সমূহৰ উপৰিও ইয়াত ফুট, মিটাৰ, ইঞ্চি, চেন্টিমিটাৰ আদি এককেৰে মাটিৰ চাৰিসীমা ভৰোৱা আৰু বৰ্গফুট, বৰ্গমিটাৰ, হেক্টৰ আদি এককত ক্ষেত্ৰফল জোখাৰ ব্যৱস্থা আছে ।

এই এপটোক আনএটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল যে, ইয়াত আপুনি মাটিৰ চাৰিসীমা নল, মিটাৰ, ফুট, ইঞ্চি আদিত একেলগে ভৰাব পাৰিব । ধৰাহ’ল মাটিডৰাৰ কোনো এটা কাষৰ দীঘ 15 নল, 7 ফুট আৰু 10 ইঞ্চি । এই এপটোত জোখলোৱা ধৰণেই এই এককবোৰ যথাস্থানত ভৰাব পাৰিব । আৰু মাটিডৰাৰ কালি বা ক্ষেত্ৰফল প্ৰকাশ কৰাৰ সময়টো এপটোৱে বিঘা, বৰ্গ ফুট, হেক্টৰ আদিত পৃথকে পৃথকে পৰিমান সমূহ প্ৰকাশ কৰে ।
এই কেলকুলেটৰ এপটোত এটা Converter বা ৰূপান্তৰকো সংলগ্ন আছে যাৰ জৰিয়তে আপুনি এটা একক আন এটা এককলৈ অতি সহজে কনভাৰ্ট বা ৰূপান্তৰ কৰিব পাৰিব । ধৰক আপোনাৰ 16 বিঘা মাটি আছে, সেয়া হেক্টৰলৈ নিব লাগে হেক্টৰত প্ৰকাশ কৰিব লাগে অথবা কঠা বা বৰ্গফুটত প্ৰকাশ কৰিব লাগে, তেতিয়া BhuMiti Converter টোত ক্লিক কৰি আপুনি বিচৰা ধৰণে মাটিৰ পৰিমানটো ভৰাই দিব আৰু দেখিব যে বিঘাৰ পৰা কঠালৈ বা অপুনি বিচৰা এককত মাটিৰ পৰিমানটো প্ৰকাশ পাইছে ।
ইয়াৰ লগতে এই Converter টোত নলৰ পৰা ফুট, মিটাৰ ইঞ্চি নাইবা ফুট, মিটাৰ ইঞ্চি, চেণ্টিমিটাৰৰ পৰা নল বা আন প্ৰয়োজনীয় এককলৈ ৰূপান্তৰ কৰাৰ সহজ ব্যৱস্থা আছে ।
BhuMiti (ভূমিতি) এপ ব্যৱহাৰৰ বাবে ইয়াত ক্লিক কৰক
ইয়াৰোপৰি এই এপটোত পদৰ্শিত হোৱা উত্তৰ সমূহ কপি (Copy) কৰিব পৰা ব্যৱস্থা আছে আৰু ভৱিষ্যত ব্যৱহাৰৰ বাবে মাত্ৰ এটা ক্লিক কৰি Save কৰাৰ সুবিধাও আছে । লগতে ইয়াত ইতিপূৰ্বে কৰি অহা জোখ-মাখৰ ফলাফল (History) চাব পৰা ব্যৱস্থা আছে । এই অসমীয়া জোখেৰে মাটি হিচাপ কৰা BhuMiti (ভূমিতি) calculator এপটোত মাটিৰ কালি নিৰ্ধাৰণ কৰাত প্ৰয়োজনীয় সকলোদিশ সাঙুৰি লোৱাৰ চেষ্টা কৰা হৈছে । অৱশ্যে এই এপটো বৰ্তমান চালুকীয়া অৱস্থাতে আছে । গতিতে ইয়াত কিছু খুটি-নাটি ৰৈ যাব পাৰে । এইক্ষেত্ৰত আপোনালোকৰ দিহা-পৰামৰ্শ কামনা কৰিলোঁ ।
অসমীয়া মাটি জোখাৰ একক সমূহ আৰু সেইবোৰৰ মাজৰ সম্পৰ্ক:
- ১ নল = ১২ ফুট = 144 ইঞ্চি
- ১ বিঘা = ১০০ লেচা =৫ কঠা = ১৪৪০০ বৰ্গফুট
- ১ কঠা = ২০ লেচা = ২৮৮০ বৰ্গফুট = এক বিঘাৰ ৫ ভাগৰ ১ ভাগ
- ১ লেচা = ১৪৪ বৰ্গফুট = ১ বৰ্গনল (১২ ফুট * ১২ ফুট) = এক কঠাৰ ২০ ভাগৰ ১ ভাগ
- ১ পুৰা = ৪ বিঘা = ২০ লেচা (অঞ্চলভেদে ভিন্ন হ’ব পাৰে)।
- ১ একৰ = ৩ বিঘা ২.৫ লেচা (অসমীয়া লেখেৰে)
- ১ হেক্টৰ = প্ৰায় ৭.৪৭৫ বিঘা = ১০৭৬৩৯ বৰ্গফুট।