ভুৱা বেংক ফোনকলৰ অভিজ্ঞতা- Fake Phone Calls from Bank Fraud

Fake Phone Calls from bank fraud

সাৱধান! আপুনিও হব পাৰে এনে দুষ্ট চক্ৰৰ চিকাৰ ! Fake Phone Calls from Bank Fraud:

আবেলি প্ৰায় 5.30 মান বজাত এটা অচিনাকি নম্বৰৰ পৰা Phone Call এটা আহিল ৷ ক্ষন্তেক পাছতে “True Caller” ত নামটো ওলাল ‘Bank ATM’ বুলি আৰু Caller location টো হ’ল ওলাল বিহাৰ বুলি ৷ খন্তেক ভাবি ফোনটো ৰিচিভ কৰিলোঁ ৷ এটা পুৰুষ কণ্ঠই Good evening বুলি কৈ মোক হিন্দীতে কলে যে মোৰ ATM টো Lock হৈছে আৰু আকামিলা হৈ পৰিছে ৷ যদি মই ATM টো সক্ৰিয় বিছাৰোঁ তেন্তে তেখেতে মোক সহায় কৰিব ৷

মোৰ বুজিবলৈ বাকী নাথাকিল যে এইজন কোনো বেংকৰ গ্ৰাহক সেৱা বিষয়া নহয়, বৰঞ্চ বেংকৰ মানুহ বুলি পৰিচয় দি সাধাৰণ মানুহৰ পইছা সৰকাই নিয়া মানুহ এইজন ৷

মনতে ভাবিলোঁ, হেৰৌ, তেজক পানী কৰি বেংকত টকা কেইটামান জমা কৰিছোঁ, তাৰ ওপৰতো তহঁতৰ চকু ৷ কিযে কৰোঁ এই মখাক ? পিছে মনৰ ভাৱ মনতে ৰাখি তেওঁৰ কথাত সন্মতি জনালোঁ ৷ তেতিয়া তেওঁ (এজন স্বভাৱ সুলভ ATM PIN চোৰৰ দৰে) মোক মোৰ ATM খনৰ পিছফালে থকা সংখ্যা কেইটা সুধিলে ৷ মইও খন্তেক ৰৈ কলো … 469… আৰু সংখ্যা কেইটা আধা কৈ মইও সুধিলোঁ যে তেওঁ ক’ৰ পৰা কৈছে ? তেওঁ কলে যে তেওঁ SBI Guwahati ব্ৰাঞ্চৰ পৰা কৈছে ৷ তেতিয়া মই তেওঁৰ Designation টো জানিব বিছাৰিলোঁ, পিছে বপুৰাই ‘Designation’ শব্দটোৰ অৰ্থকে নাজানে ৷ তেতিয়া মই কলোঁ যে তেওঁৰ কথা মোৰ ভালদৰে বিশ্বাস হোৱা নাই, গতিকে মই বেংকৰ মেনেজাৰৰ লগত কথা পাতিব বিচাৰোঁ ৷ তেনেদৰে কোৱাত ক্ষন্তেক পাছতে Branch Manager অৰ ৰূপত দ্বিতীয়টো ঠগ আহি ফোনটো ধৰিলে ৷ আৰু তেওঁ কলে যে তেওঁ হেনো “Main Manager” !!! সিহঁতক এসেকা দিম বুলি ভাবিছিলোঁঁ যদিও সিহঁতৰ কাণ্ড শুনি আৰু হাঁহিৰ বান্ধ ৰাখিব নোৱাৰিলোঁ আৰু ঢেক-ঢেককৈ হাঁহি দিলোঁ ৷

তাৰ পাছত আৰু কি ? মই যেনিবা সিহঁতৰ পানী খোৱা পুখুৰীতহে বিহ দিলো ৷ ATM PIN চুৰ কৰাৰ ফৰ্মুলা ফেইল হোৱা দেখি সিহঁতৰো মানে খং উঠিল হ’বলা ?
কি কি শব্দ ব্যৱহাৰ কৰি যে মোক গালি পাৰিছে ৷ লগা লগ ফোনটো কাটি দিলো ৷ পিছে পুনৰ ফোন কৰি আকৌ গালি, উপায় নাপাই মইও অসমীয়া গালি দুটামান হিন্দীতে দি নম্বৰটো ব্লক কৰি দিলোঁ ৷
উসঃ ৰক্ষা দেই ৷

আপুনিও হব পাৰে এনে দুষ্ট চক্ৰৰ চিকাৰ:

মই বাৰু ৰক্ষা পৰিলোঁ, পিছে আপুনিও সাৱধান হওক ৷ মোৰ দৰে আপুনিও হব পাৰে এনে প্ৰৱঞ্চকৰ বা দুষ্ট চক্ৰৰ চিকাৰ ৷ সেয়ে এনে Fake Phone Call আৰু নকল বেংক কৰ্মচাৰী সমূহৰ পৰা বাছি থাকক ৷ মনত ৰাখিব, কোনো বেংকে অৰ্থাৎ বেংকৰ কৰ্মচাৰীয়ে আপোনাৰ বেংক একাউণ্ট নম্বৰ বা ATM কাৰ্ড খনৰ পাছৱৰ্ড, বেংকৰ পৰা পঠিওৱা OTP (One Time Password) আদি বিচাৰি আপোনাক ফোন নকৰে ৷ গতিকে তেনে ফোন-কল আহিলে সিহঁতক কেতিয়াও আপোনাৰ একাউন্ট নম্বৰ, পাছৱৰ্ড বা ATM পিন নম্বৰটো কৈ নিদিব আৰু এনে ঠগ প্ৰৱঞ্চকৰ পৰা আপোনাৰ কষ্টোপাৰ্জিত টকা কেইটা সুৰক্ষিত কৰি ৰাখক ৷ এনে দুষ্টচক্ৰৰ পৰা হাত সাৰিবলৈ RBI (ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া) য়ে বিভিন্ন সতৰ্কতা মূলক জাননী প্ৰকাশ কৰিছে ৷

লেখাটো কৰ’বাৰ পৰা COPY কৰা নহয়, এয়া মোৰ ব্যক্তিগত অভিজ্ঞতাহে ৷ পাৰিলে লেখাটো Share কৰিব, অন্ততঃ কাৰোবাৰ অলপ হলেও সহায়ক হব ৷৷

Leave a Comment

 

Share to: