1
Abstract Noun গুণবাচক বিশেষ্য
বাৰে-বাৰে ঘটি থকা বা হৈ থকা
The occurrence of something again and again.
2
Verbal Noun কৃদন্ত বিশেষ্য
একে শব্দ বা কথাকে দুবাৰ কোৱা কাৰ্য্য ।
Useless repetition of same word or statement.
3
Verbal Noun কৃদন্ত বিশেষ্য
কোৱাকে কোৱা অৰ্থাত্ আলোচনা কৰা কথাৰ বাৰম্বাৰ আলোচনা
repetition of a discussion already made
4
Verbal Noun কৃদন্ত বিশেষ্য
সাহিত্য(কবিতা, নাটক বা গদ্যৰ), সংগীত(গান, বাদ্য বাদন)আদিত ওচৰা-ওচৰিকৈ থকা শব্দৰ অলংকাৰপূৰ্ণ বা উদ্দেশ্যপূৰ্ণভাৱে বাৰম্বাৰ ব্যৱহাৰ৷ যেনে: ভূপেন হাজৰিকাৰ বৰদৈচিলা নে সৰুদৈচিলা গানটোত গ’ল আৰু হয় শব্দ দুটাৰ ব্যৱহাৰ চাওকঃ “মূৰৰ ফুলাম গামোচা খনি ক’ৰবাৰ শেণে আহি নিলেহি টানি/গ’ল,গ’ল,গ’ল, এ গ’ল গ’ল বুলি মাথো চিঞঁৰিলে/তাকে দেখি শেণহঁতে ৰগৰ কৰিলে, অসমীয়া এইবোৰ গমি চাবৰ ব’হাগেই বতৰ কিজানি/ বোলো হয়, হয়, হয়, হয়, এ হয়নে? বোলো হয়, হয়, হয়, হয়”৷ আকৌ তেওঁৰে ’আৰু দিচাঙৰে মিঠা, মিঠা, মিঠা ঢৌটি’৷
(in literature and music)the repeated use of the same word/word pattern/phrase as a rhetorical device that may emphasize something, bring comfort, suggest order, or add special meaning to a piece of literature/musical recital-oral or instrumental. Look at the following examples:(1) “Alone, alone, all all alone, Alone on a wide wide sea! (Coleridge) (2) By the twanging, And the clanging, How the danger ebbs and flows: Yet the ear distinctly tells, In the jangling, And the wrangling, How the danger sinks and swells, By the sinking or the swelling in the anger of the bells Of the bells Of the bells, bells, bells,bells,Bells, bells, bells In the clamor and the clangor of the bells! (Edgar Allen Poe: 'Bells')
5
Abstract Noun গুণবাচক বিশেষ্য
গীতৰ প্ৰথম আৰু বাৰে বাৰে পুনৰাবৃতি হোৱা কথা ভাগ৷
the first part of a song which is often repeated throughout the song

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।