Jayanta Hazarika
Submitted by:
Unknown
1
Proper Noun
সংজ্ঞাবাচক বিশেষ্য
জয়ন্ত হাজৰিকা (১৯৪৩-১৯৭৭)অসমৰ এগৰাকী গায়ক, সুৰকাৰ তথা গীতিকাৰ| ১৯৬০ আৰু ৭০ৰ দশকত তেখেতে অসমীয়া সঙ্গীত জগতত আত্মপ্ৰকাশ কৰে| সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিবিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে|
তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্থানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ`ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়| "ৰম্ভা মেনকা" আদিৰ দৰে গীতত ৰক্ এণ্ড ৰ`ল, "মোৰ মন চাতকৰ" আদি গীতত জেজৰ পৰীক্ষামূলক ব্যৱহাৰে অসমীয়া সঙ্গীতত নতুন ধাৰাৰ অৱতাৰণা কৰে| আনহাতে "তোমাৰ কথা যেতিয়া ভাবোঁ"ত হিন্দুস্থানী ধ্ৰুপদী সঙ্গীত আৰু "তোমাৰ মৰমে মোৰ"ত পশ্চিমীয়া ধ্ৰুপদী সুৰ সমলয়ৰ অপূৰ্ব ব্যৱহাৰ পৰিলক্ষিত হয়| তেখেতৰ বহু মিশ্ৰণে ভূপেন হাজৰিকাৰ সঙ্গীততো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়| স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয় হৈ আছে|
সঙ্গীতজ্ঞৰ পৰিয়ালত জন্ম হোৱা জয়ন্ত হাজৰিকাই কম বয়সতে নিজৰ সাংগীতিক প্ৰতিভাৰ পৰিচয় দিয়ে| জয়ন্ত হাজৰিকাৰ বহুতো গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাক বহু কম বয়সতে সুমধুৰভাবে মাউথ অৰ্গেন বজোৱাৰ স্মৃতি সুঁৱৰিছিল| তেখেতে বহুতো বাদ্যযন্ত্ৰ বেছ পাৰদৰ্শিতাৰে বজাব পাৰিছিল বুলি জনা যায়| তেখেতৰ গীতত তেখেতে নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ড সলনি তাৰেই পৰিচায়ক| তাৰোপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলিও জনা যায়| তেখেতে বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকাই আৰু নতুন আশা নামৰ কথাছবিকেইখনত সংগীত পৰিচালনা কৰে

Jayanta Hazarika (1943-1977) is a singer, composer and song writer from Assam. He became a household name in modern Assamese music in the 1960s and 70s. He was the composer who gave modern Assamese music a new direction with very unconventional elements in his music in his times.
He was bold enough to experiment with western rock and roll, jazz and classical music with Assamese folk and Hindustani classical music. In songs like rombha menoka he skillfully mixed the rock n' roll style while in songs like mor mon satokor he experimented with Jazz. On the other extreme in songs like tomar kotha jetiya bhabo there were Hindustani classical elements. In tomar morome mor one could see his skillful use of western classical symphony elements in the interludes. Many of these fusion styles probably seeped into the compositions of Bhupen Hazarika. The multitude of styles in his songs makes his songs immensely popular even today, in spite of his untimely death about 30 years ago.Born in a family of musicians, with a brother like Bhupen Hazarika, Jayanta Hazarika found his niche in music at a very early age. Nirmalprobha Bordoloi, composer of many songs for Jayanta Hazarika remembers him playing the mouth organ as a youngster. He was known to have played many other musical instruments very skillfully. The intricate chord shifts of his guitar in his songs is an example of this. He is also known to have collected a variety of traditional instruments from around the world.He composed music for the Assamese films Bonoria Phool, Niyoti, Bristi, Dhormokai and Notun Axa.
Song List

|
|
|
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।