চাকৈ-চকোৱা
Submitted by:
Unknown
1
Proper Noun
সংজ্ঞাবাচক বিশেষ্য
এবিধ ইটাগুড়ীয়া বৰণেৰে হাঁহ জাতিৰ চৰাই । তাৰ মাইকীটোক “চাকৈ” আৰু মতাটোক “চকোৱা” বুলি কোৱা হয়| এই চৰাইৰ মাইকী মতা এহাল লগ লাগি থাকে, এতেকে দুয়োটাৰ বা জাতিৰ কথা কোৱাত “চাকৈ-চকোৱা” ব্যৱহাৰ কৰা হয় । কিন্তু অকল এটা চৰাইক বুজাবলৈ হ'লে সাধাৰণতে “চকোৱা বুলিহে কোৱা হয় ।
প্ৰৱাদ আছে যে ৰামৰ শাপত ইহঁতৰ মতা-মাইকীয়ে ৰাতি একেলগে থাকিব নোবাৰে । কিন্তু স্বাভাৱিকতে মতা-মাইকী সদায় জোৰ পাতি ফুৰাহে দেখা যায় আৰু অলপ আঁতৰা-আঁতৰি হ'লেই “কওঁ ৰাম কওঁ” বুলি মাত লগায়; কোনোৱে কয় যে ই ৰামায়ণত লিখা জটায়ু পখী; ৰাৱণে আধামৰা কৰি পেলাই থৈ যাওঁতে বাটত পাই সীতাক হৰণ কৰি নিয়াৰ খবৰ ই ৰামচন্দ্ৰক দিয়ে; তাত ৰামচন্দ্ৰই সন্তোষ পাই কলিত চৰাইৰ ৰূপ ধৰি “ৰাম কওঁ, ৰাম কওঁ” বুলি মাতিবলৈ বৰ দিয়ে ।
এই চৰাইবিধ দক্ষীণ-পূৱ ইউৰোপৰ পৰা মধ্য এচিয়ালৈকে পোৱা যায়| উত্তৰ-পূৱ আফ্ৰিকা আৰু ইথিওপিয়াতো ইয়াৰ পাতল বসতি দেখা যায় । উত্তৰ-পূৱ ভাৰতত চকোৱা চৰাই সঘনাই দেখা যায় । এতিয়ালৈকে এই চৰাইবিধৰ প্ৰজাতি বিপদাপন্ন বুলি ঘোষণা কৰা হোৱা নাই ।

Large crested fish-eating diving duck having a slender hooked bill with serrated edges. Of this species the female is called "Chakoi" and the male is "Chakowa". They always go in pairs, a male and a female, therefore in speaking them both, or of the species in general, the compound word "Chakoi-Chakowa" is used. However, the word "Chakowa" is made use of when only one is meant.
There are very small resident populations of this species in north-west Africa and Ethiopia, but the main breeding area of this species is from south-east Europe across central Asia to south-east China. It's is fount to be abundant in North-East India. Till now it is in the list of least concerned.

Synonyms:
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।