তলত আয়তাকাৰ টেংকটোৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতাৰ মানবোৰ ভৰাওক আৰু ফলাফল পাবলৈ Calculate বুটামত ক্লিক কৰক। (Enter values of length, width, and height of the rectangular tank below and click the calculate button to get instant result.
(আয়তাকাৰ টেংকৰ আয়তন (Volume) আৰু পৃষ্ঠৰ কালিৰ (Surface Area) গণনা)
'ঘনমিতি' (Ghanamiti) হ'ল ত্ৰিমাত্ৰিক জ্যামিতিক জোখমাখৰ এটা আধুনিক আহিলা। 'ঘন' (অৰ্থাৎ গোটা বস্তু বা Solid) আৰু 'মিতি' (অৰ্থাৎ জোখ-মাপ), এই দুই পৰম্পৰাগত শব্দৰ সংমিশ্ৰণেৰে সৃষ্টি হোৱা এই এপ্লিকেচনে যিকোনো আয়তাকাৰ ঘনকৰ (Rectangular Prism) সঠিক আয়তন নিৰ্ণয় কৰাত সহায় কৰে। বিশেষকৈ অভিযান্ত্ৰিক (Engineering), স্থাপত্যশিল্প (Architecture) আৰু শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এই সঁজুলিবিধ অতিশয় ফলপ্ৰসূ হোৱাকৈ নিৰ্মাণ কৰা হৈছে।
গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত সঠিক জোখ-মাপৰ গুৰুত্ব অপৰিসীম। আপুনি এজন ছাত্ৰই হওক বা এজন পেচাদাৰী অভিযন্তাই হওক, সাধাৰণ লোকেই হওক, 'ঘনমিতি' এপটোৱে ঘমফল নিৰ্ণয় কৰা জটিল গাণিতিক সূত্ৰসমূহক নিমিষতে সমাধান কৰি আপোনাৰ সময় ৰাহি কৰে।