Easy Calculator Rectangular Tank Calculator Area Calculator BhuMiti | ভূমিতি Land calculator

BhuMiti (ভূমিতি)
নল, বিঘা, কঠা, লেচা আদি অসমীয়া জোখেৰে মাটিৰ ক্ষেত্ৰফল জোখাৰ এপ (Land Calculator)

ফলাফল | Result

পূৰ্বৰ ফলাফল (History)

    / 5 ( votes)

    BhuMiti (ভূমিতি) - Bigha, Katha, Lecha, Nal আদি জোখত মাটিৰ হিচাপ কৰা Calculatore

    Bhumiti (ভূমিতি) এপৰ সহায়ত এতিয়া অতি সহজে জুখি উলিওৱাক যিকোনো আকাৰৰ মাটিৰ ক্ষেত্ৰফল আৰু সেয়াও বিঘা, কঠা, লেচা, নল আদি অসমীয়া মাটি জোখৰ এককত. এই বিনামূলীয়া মাটিৰ হিচাপ কৰা Calculator ৰ সহায়ত আপুনি যিকোনো আকাৰৰ আকাৰৰ মাটি ক্ষেত্ৰফল অতি সহজে ওলিয়াব পাৰে । এই BhuMiti App টোত নলৰ (12 ফুট = 1 নল) ওপৰিও ফুট, মিটাৰ, ইঞ্চি, চেণ্টিমিটাৰ আদি জোখত হিচাব ভৰাব পাৰে আৰু বিঘা, কথা, লেচা, আৰু বৰ্গফুট পৰিমানত ই উত্তৰ দিব পাৰে।

    এই এপটোৰ সহায়ত চাৰিও কাষ সমান বা অসমান মাটি, ত্ৰিভূজ আকাৰৰ্ মাটি, বহুভূজ আকাৰৰ মাটি, আৰু আন বহু ৱেলেগ ৱেলেগ আকাৰৰ মাটিৰ কালি হিচাপ কৰিব পাৰে । যদি আপোনাৰ মাটিদৰাৰ আকৃতি ত্ৰিভুজ আকাৰৰ বা আন আকাৰৰ, তেতিয়া ওপৰৰ "Select Shape (আকৃতি):" অপচনটোত ক্লিক কৰি প্ৰয়োজনীয় আকৃতিটো বাচি ল'ব।

    Read BhuMiti App Blog Here

    BhuMiti Land Calculator অৰ সহায়ত মাটিৰ হিচাপ কেনেকৈ কৰিব:

    যিকোনো আকাৰৰ মাটিৰ ক্ষেত্ৰফল হিচাপ কৰি উলিওৱাৰ বাবে BhuMiti (ভূমিতি) এটা অতি নিৰ্ভৰযোগ্য অনলাইন এপ । এই অনলাইন এপটো ব্যৱহাৰ কৰি হেক্টৰ, বিঘা, কঠা, লেচা, আৰু বৰ্গফুটত মাটিৰ সঠিক পৰিমানত প্ৰকাশ কৰিব পাৰি ।

    এই এপটোত মাটিৰ হিচাপ কৰিবলৈ হলেঃ

    • প্ৰথমে আপুনি মাটিডৰাৰ যিকোনো এটা কাষ বা ফাল যিকোনো নল বা ফিটাৰে নল, ফুট, মিটাৰ, ইঞ্চি, আদিত জুখি ল'ব ।
    • তাৰ পাছত Bhumiti (ভূমিতি) এপটো খুলি লৈ তাৰ Side A1 অৰ তলত থকা ঘৰ কেইটাত সেই দীঘ সমূহ সঠিককৈ ভৰাই দিব । ধৰি লওক মাটিডৰাৰ প্ৰথম কাষটো 15 নল আৰু 7 ফুট হ'ল, Side A1 অৰ তলত থকা ঘৰ নলৰ ঘৰটোত 15 ভৰাব আৰু ফুট/মিটাৰৰ ঘৰটোত 7 ভৰাব ।
    • তাৰপাছত মাটিডৰাৰ প্ৰথম জোখা কাষটোৰ বিপৰীত কাষটো জুখি তাৰ পৰিমানটো Side A2 (Oposite of A1) অৰ তলত থকা ঘৰ কেইটাত নল, ফুট আদি নিৰ্দিষ্ট ঘৰকেইটাত ভৰাব ।
    • ইয়াৰ পাছত মাটিডৰাৰ বাকী থকা কাষ কেইটা জুখি লৈ Side B1 আৰু Side B2 (Oposite of B1) অৰ তলত থকা নিৰ্দিষ্ট ঘৰ কেইটাত দীঘ সমূহ ভৰাই দিব ।
    • এতিয়া তলৰ Calculate Area অপচনটোত ক্লিক কৰি দিব ।

    তেতিয়া মাটিডৰাৰ কালি বা ক্ষেত্ৰফল কিমান বিঘা, কিমান কঠা, কিমান লেচা সেয়া প্ৰদৰ্শিত হ'ব । লগতে তাৰ তলতে সেই মাটিৰ পৰিমান হেক্টৰ (Hectare) আৰু বৰ্গফুটত (Sq Ft) প্ৰদৰ্শিত হ'ব। এই এপটোৰ আন এটা প্ৰধান বৈশিষ্ট হ'ল যে ই মাটিৰ পৰিমান বা মাটিৰ কালি বিঘা, কঠা, লেচা আৰু বৰ্গফুটত প্ৰকাশ কৰে । একেবাৰে সৰু আকাৰৰ ভূমিৰ আকাৰো ই সহজে উলিয়াব পাৰে ।

    অসমীয়া মাটি জোখাৰ একক সমূহ আৰু সেইবোৰৰ মাজৰ সম্পৰ্ক:

    • ১ নল = ১২ ফুট = 144 ইঞ্চি
    • ১ বিঘা = ১০০ লেচা =৫ কঠা = ১৪৪০০ বৰ্গফুট
    • ১ কঠা = ২০ লেচা = ২৮৮০ বৰ্গফুট = এক বিঘাৰ ৫ ভাগৰ ১ ভাগ
    • ১ লেচা = ১৪৪ বৰ্গফুট = ১ বৰ্গনল (১২ ফুট * ১২ ফুট) = এক কঠাৰ ২০ ভাগৰ ১ ভাগ
    • ১ পুৰা = ৪ বিঘা = ২০ লেচা (অঞ্চলভেদে ভিন্ন হ'ব পাৰে)।
    • ১ একৰ = ৩ বিঘা ২.৫ লেচা (অসমীয়া লেখেৰে)
    • ১ হেক্টৰ = প্ৰায় ৭.৪৭৫ বিঘা = ১০৭৬৩৯ বৰ্গফুট।

    Easy Land Calculation in Assamese with BhuMiti (ভূমিতি):

    The BhuMiti (ভূমিতি) is an online land measuring app for calculating areas using Assamese land units like Bigha, Katha, Lecha, with support for common input units such as Nal, Foot, Meter, Inch (নল, ফুট, মিটাৰ, ইঞ্চি) etc. You can use this simple app to measure land of different shapes—square, rectangle, land with four unequal sides, circle, triangle, and more.

    Whether it's a large plot or a small one, the BhuMiti Land Calculator makes it easy by supporting various input units, from Nal (নল) (1 Nal = 12 Feet) to centimeters. For results, the app shows the area in multiple formats, primarily in Bigha (বিঘা) : Katha (কঠা) : Lecha (লেচা) (1 Lecha = 144 Square Feet). If the result includes a value smaller than 1 Lecha, the app also shows the decimal along with its equivalent in square feet. For example, if the area is 2.12 Lecha, it will display: 2.12 Lecha (17.28 Square Feet). It also shows the total area separately in hectares and square feet. BhuMiti (ভূমিতি) is built to meet every need when calculating land area using Assamese measurement units.

    How to Calculate Land Area With BhuMiti App:

    1. First measure the land plot using a Nal or other measuring tool.
    2. Then open the BhuMiti app. If the land shape is rectanglar, square or irregular quadrilateral, then the default interface will work, otherwise, select required circle from the drop down list for circular, triangular shape.
    3. Now enter all the required fields in Nal, Foot, Meter, CM, or Inch (whatever you need)
    4. Then click the Claculate Area. Done...
    Conversions:
    • 1 Nal (নল) = 12 ft = 3.6576 m
    • 1 Lecha (লেচা) = 144 sq ft
    • 1 Katha (কঠা) = 20 Lecha
    • 1 Bigha (বিঘা) = 100 Lecha
    • 1 hectare (হেক্টৰ) = 7.474943 Bigha

    Read more about BhuMiti App

    Legal Disclaimer:

    The BhuMiti (ভূমিতি) land measuring app is designed for general reference and quick land area estimations. While we aim to provide accurate results, the app may produce incorrect values in some cases due to input errors, unusual land shapes, or calculation limits. Please verify all results with official records or consult a professional before making legal, financial, or property decisions.

    BhuMiti Converter (ৰূপান্তৰক)

    এই BhuMiti Converter (ভূমিটি কনভাৰ্টাৰ) ত দুটা শাখা আছে, এটা হ'ল, 'Area Converter'. এই শাখাত মাটি বা আন যিকোনো ক্ষেত্ৰফল এটা এককৰ পৰা আন এটা এককলৈ convert (ৰূপান্তৰ) কৰিব পাৰি, যেনে- বিঘাৰ পৰা বৰ্গফুটলৈ, হেক্টৰৰ পৰা বিঘালৈ, ইত্যাদি । আনহাতে আনটো শাখা হ'ল 'Length Converter'. ইয়াৰ যোগেদি যিকোনো দ্ৰৈৰ্ঘৰ পৰিমানক আন এটা দ্ৰৈৰ্ঘৰ এককলৈ convert কৰিব পাৰি, যেনে ফুটৰ পৰা মিটাৰলৈ, নলৰ পৰা ফুটলৈ ইত্যাদি ।

    Area Converter
    =
    Length Converter
    =
    / 5 ( votes)

    মাটি জোখা, মাটিৰ পৰিসীমা বা ক্ষেত্ৰফল নিৰ্ণয় কৰা আদি কাম সমূহত BhuMiti Converter বা ৰূপান্তৰক আন এটা অতি প্ৰয়োজনীয় এপ । এই এপটোৰ সহায়ত মাটিৰ পৰিমান সমূহ এটা এককৰ পৰা আন এটা এককলৈ অতি সহজে আৰু ক্ষিপ্ৰতাৰে convert বা ৰূপান্তৰ কৰিব পাৰি। ধৰক এক বিঘা মাটিত কিমান বৰ্গফুট, কিমান লেচা, 1 বিঘা মাটিত কিমান হেক্টৰ, 10 হেক্টৰত কিমান কঠা বা কিমান লেচা বা কিমান বৰ্গমিটাৰ, এক নলত কিমান চেণ্টিমিটাৰ, 1400 ইঞ্চিত কিমান নল বা কিমান ফুট, আদি জোখবোৰ অনায়াসে এই BhuMiti Converter যোগেদি কৰাব পাৰি ।

    Send Us Your Feedback